ধৰ্ষণকাৰীৰ বাবে কঠোৰ আইন প্ৰণয়নৰ পোষকতা কৰিলে সাংসদ বদৰুদ্দিন আজমলে

AIUDF supremo Badruddin Ajmal threatens Assam journalist

প্ৰতীকী ছবি।

ৰাজ্যখনত ক্ৰমবৰ্ধিত ধৰ্ষণৰ ঘটনা ৰোধ কৰাৰ এটা উপায় হিচাপে ধৰ্ষণকাৰীক কঠোৰতম শাস্তি দিব পৰা আইন প্ৰণয়নৰ দাবী উত্থাপন কৰিলে এ আই য়ু ডি এফৰ নেতা তথা লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলে। তেওঁ মধ্য প্ৰদেশৰ প্ৰসংগ আনি কয় যে মধ্য প্ৰদেশৰ চৰকাৰে কৰাৰ দৰে ধৰ্ষণকাৰীক শাস্তি দিয়াৰ বাবে কঠোৰ আইন কৰিব লাগে।

উল্লেখযোগ্য যে মধ্য প্ৰদেশ চৰকাৰে অলপতে ধৰ্ষণকাৰীক যাতে অধিক কঠোৰ শাস্তি দিব পৰা যায়, তাৰ বাবে এখন নতুন বিধেয়ক আনিছে, যাৰ জৰিয়তে ১২ বছৰৰ তলৰ ছোৱালীক ধৰ্ষণকাৰীক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিব পৰা যাব।

এই ক্ষেত্ৰত মধ্য প্ৰদেশ হ’ল দেশৰ প্ৰথমখন ৰাজ্য। এই বিধেয়কখন ইতিপূৰ্বে মধ্য প্ৰদেশ বিধানসভাত গৃহীত হৈছে। এই আইনখনৰ মতে ১২ বছৰ অনূৰ্ধ্ব ছোৱালীক ধৰ্ষণ কৰা অপৰাধীক মৃত্যুদণ্ড বা নিম্নতম ১৪ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হ’ব। নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰা অপৰাধীৰ নিম্নতম শাস্তি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড কৰা হৈছে।

মধ্য প্ৰদেশ চৰকাৰৰ এই বিধেয়কখনে বৰ্তমান থকা ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ অধীনত ধৰ্ষণ আৰু দলবদ্ধ ধৰ্ষণৰ বাবে পাব লগীয়া শাস্তি বৃদ্ধি কৰিব।

আনহাতে বদৰুদ্দিনে বিজেপি নেতৃ্ত্বাধীন ৰাজ্য চৰকাৰখনক আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতিৰ বাবে কঠোৰ সমালোচনা কৰে। তেওঁ চৰকাৰখনে ধৰ্ষণকে ধৰি সকলো ধৰণৰ অপৰাধ ৰোধ কৰাত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰে। লগতে তেওঁ অপৰাধীক ধৰ্মীয়, জাতিগত পৰিচয়ৰ দিশৰ পৰা চোৱা অনুচিত বুলিও মন্তব্য কৰে। জাতি আৰু ধৰ্ম নিৰ্বিশেষে অপৰাধীক সমভাৱে শাস্তি দিয়াটো চৰকাৰৰ দায়িত্ব বুলি তেওঁ কয়।

সাংসদজনক দেশত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষবোৰৰ বিষয়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়, ‘এহাতেদি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰব দেশবোৰ ভ্ৰমণ কৰি মুচলিম নেতাসকলৰ সৈতে সম্পৰ্ক দৃঢ় কৰিব খুজিছে আনহাতে ইয়াত তেওঁৰ অনুগামীসকলে মুচলিমৰ বিৰুদ্ধে ঘৃণা বিয়পাইছে।’

উল্লেখযোগ্য যে তেওঁ ধুবুৰীত দলীয় কৰ্মীৰ সৈতে হোৱা সভাৰ অন্তত সাংবাদিকৰ আগত কালি এই মন্তব্য কৰিছিল সাংসদজনে।