NORTHEAST NOW (Assamese)

ধৰ্ষণৰ বিৰুদ্ধে হোজাইৰ নীলবাগানত যুৱ সমাজৰ প্ৰতিবাদ

April 16, 2018 10:13 pm · নিখিল মুন্দ্ৰা
Updated: April 16, 2018 10:15 pm

দেশৰ লগতে ৰাজ্যত শেহতীয়াকৈ শিশু আৰু মহিলাৰ ওপৰত বৃদ্ধি পোৱা ধৰ্ষণৰ নিচিনা জঘন্য কাণ্ডৰ বিৰুদ্ধে হোজাই জিলাৰ যুৱ সমাজৰ উদ্যোগত নীলবাগানৰ শ শ লোক আজি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে।

উল্লেখ্য যে জন্মুৰ এটা মন্দিৰৰ ভিতৰত আঠ বছৰীয়া শিশু আছিফা বানোক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ দৰে যি নাৰকীয় ঘটনা সংঘটিত কৰিছে তাৰ বিৰুদ্ধে আজি যুৱ সমাজৰ প্ৰতিবাদকাৰী সকলে সন্ধিয়া প্ৰায় ৭ মান বজাত ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে নীলবাগান মডেল চিকিৎসালয়ৰ পৰা নীলবাগান তিনিআলিলৈ এক জোৰ সমদল উলিওৱাৰ লগতে হাতে হাতে ‘দোষীক শাস্তি প্ৰদান কৰক’ উল্লেখিত প্লে কাৰ্ড লৈ প্ৰতিবাদ কৰা দেখা যায়। তাৰোপৰি বিভিন্ন শ্লোগান দিয়াৰ লগতে ধৰ্ষণকাৰীক ফাঁচী দিয়াৰো দাবী উত্থাপনৰে নীলবাগান অঞ্চল উত্তপ্ত কৰি তোলে।

ইফালে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰৱৰ্তন আৰু নাৰীৰ সুৰক্ষা প্ৰদানৰ দাবীত বহু দিনৰ পৰাই ৰাজ্যৰ লগতে দেশৰ বিভিন্ন অঞ্চলত তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন হৈ আহিছে।

Related News