মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাম্প্ৰতিক সময়ত নাৰীৰ মৰ্যাদা হানি কৰা অপশক্তিৰ বিৰুদ্ধে শক্তিশালী সামাজিক সচেতনতাৰ সৃষ্টি কৰি ইয়াৰ বিৰুদ্ধে থিয় দিবলৈ সমাজৰ সকলোক শ্ৰেণীৰ জনসাধাৰণক আহ্বান জনায়।
ৰঙালী বিহু উপলক্ষে আজি ডিব্ৰুগড় চহৰৰ বিভিন্ন সামাজিক সংগঠনৰ লগতে সমাজৰ সকলো স্তৰৰ জনসাধাৰণৰ প্ৰতিনিধিৰ সৈতে এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এই আহ্বান জনায়।
তেওঁ শেহঁতীয়াভাৱে ৰাজ্য তথা দেশত নাৰীৰ ওপৰত সংঘটিত ক্ৰমৱৰ্ধমান অপৰাধমূলক ঘটনাৰাজিত উদ্বিগ্নতা প্ৰকাশ কৰি এইধৰণৰ ঘটনা সুস্থ সমাজৰ বাবে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে।
ডিব্ৰুগড় চহৰৰ পাৰ্ক লেণ্ড এক্সটিকাত অনুষ্ঠিত উক্ত মত-বিনিময় অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়া, সাংসদ ৰামেশ্বৰ তেলী, কেইবা গৰাকী বিধায়ক তথা চহৰখনৰ কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।
ভাষণ প্ৰসংগত তেওঁ এসময়ত ডিব্ৰুগড় চহৰ ৰাজ্যখনৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ আছিল বুলি উল্লেখ কৰি পুনৰ চহৰখনক এখন প্ৰাণৱন্ত চহৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে সকলোকে সহায়-সহযোগিতা কৰিবলৈ আহ্বান জনায়।