নগাঁও আৰু কাছাৰ কাগজ কল : কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ

bEgqfvYmotHzDRf-1600x900-noPad

দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কাছাৰ কাগজ কল : ফাইল ফটো

দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত অৱশেষত বিষয়টোত হস্তক্ষেপ কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

কাগজ কল দুটা বন্ধ হৈ থকাৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সৱিশেষ উল্লেখ কৰি কাগজ কল দুটাৰ শ্ৰমিক সংগঠনসমূহে ৰাষ্ট্ৰপতিগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

উক্ত পত্ৰ লাভ কৰাৰ পিছতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কেন্দ্ৰীয় চৰকাৰক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে।

ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ অৱৰ সচিব অশোক কুমাৰে ৰাজহুৱা উদ্যোগ বিভাগৰ সচিবলৈ প্ৰেৰণ কৰা পত্ৰখনত গোটেই বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিছে।

ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে প্ৰেৰণ পত্ৰখনৰ লগত কাগজ কল দুটাৰ শ্ৰমিক সংগঠনৰ যৌথ কাৰ্যকৰী কমিটিয়ে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা পত্ৰখনো গাঁঠি দিছে।

এই নিৰ্দেশ পত্ৰখন পোৱাৰ পিছত ৰাজহুৱা উদ্যোগ বিভাগে কি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলে সেয়াও পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিক অৱগত কৰিবলৈ পত্ৰখনত কোৱা হৈছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কাগজ কল দুটাৰ শ্ৰমিক সংগঠনে কাগজ কল দুটা দীৰ্ঘদিন বন্ধ হৈ থকাৰ বিষয়টো এক পত্ৰযোগে ৰাষ্ট্ৰপতিক অৱগত কৰাৰ উপৰি সংগঠনৰ প্ৰতিনিধি দল এটাই ৰাষ্ট্ৰপতিৰ সচিবক সাক্ষাৎ কৰি এখন বৈঠকত মিলিত হৈছিল।

এই বৈঠকৰ পিছতে ৰাষ্ট্ৰপতিৰ হৈ তেওঁৰ কাৰ্যালয়ে বিভাগীয় সচিবলৈ পত্ৰখন প্ৰেৰণ কৰে। ৰাষ্ট্ৰপতিৰ এনে হস্তক্ষেপৰ কথা গম পোৱাৰ পিছত শ্ৰমিক সংগঠনৰ সদস্যসকলৰ লগতে কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ মনলৈয়ো আশাৰ সঞ্চাৰ হৈছে।

ৰাষ্ট্ৰপতিৰ পত্ৰ পোৱাৰ পিছত বিভাগে এইক্ষেত্ৰত কাৰ্যকৰী কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি আশা ব্যক্ত কৰিছে সংগঠনৰ প্ৰতিনিধিসকলে। কাগজ কল দুটাৰ প্ৰায় ১৬০০ কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি দৰমহা নোপোৱাৰ ফলত তেওঁলোকৰ পৰিয়াল চলোৱাটো কঠিন হৈ পৰিছে।