ঐতিহ্যমণ্ডিত নগাঁও জিলাৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে আজি অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমন্বিতে প্ৰাক্তন শিক্ষাগুৰু আৰু বৰ্তমানৰ শিক্ষাগুৰুসকলো নষ্টালজিক হৈ পৰে।
মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, বিশিষ্ট ক্ৰীড়া সংগঠক সহজানন্দ ওজাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সুৰজিত ভাগৱতীয়ে আদৰণি ভাষণেৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক সম্ভাষণ জনোৱাৰ লগতে মহাবিদ্যালয়খনৰ আগন্তুক হীৰক জয়ন্তীৰ প্ৰতি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ পৰা সকলো দিশতে সহায়-সহযোগিতা কামনা কৰে।
ইয়াৰ উপৰি মহাবিদ্যালয়খনৰ সমন্বয়ক তথা বিশিষ্ট শংকৰী গৱেষক ড০ সঞ্জীৱ কুমাৰ বৰকাকতী আৰু শিক্ষক গোটৰ সম্পাদক ড০ সদানন্দ পায়েঙে অনুষ্ঠানটোৰ বছৰযোৰা কৰ্মসূচী সন্দৰ্ভত বিষদভাৱে উপস্থাপন কৰে।
হীৰক জয়ন্তীৰ কৰ্মসূচীসমূহৰ ভিতৰত মুখাশিল্প আৰু সাঁচিপতীয়া শিল্পৰ কৰ্মশালা, তৰ্ক প্ৰতিযোগিতা, হীৰক জয়ন্তীৰ স্মৃতিত প্ৰৱেশদ্বাৰ নিৰ্মাণ, আনন্দৰাম ঢেকিয়াল ফুকনৰ পূৰ্ণৰূপৰ প্ৰতিমূৰ্তি নিৰ্মাণ, নবেল বঁটা বিজয়ী বাংলাদেশৰ অধ্যাপক মঃ ইউনুছক নিমন্ত্ৰণ, ভাওনা আৰু নাটক মঞ্চস্থ আদি উল্লেখযোগ্য বুলি বিবেচিত হৈছে।
জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন ছাত্ৰ আব্দুল হাচিম খণ্ডকাৰে শেষৰফালে সভাপতিত্ব কৰা সভাখনত মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, শিক্ষাবিদ ড০ নৱ কুমাৰ মহন্ত, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ হবিবুৰ ৰহমান, শিক্ষাবিদ ড০ পীয়ুছ দেৱনাথ, তৰুণ দাস, মুৰুলী বৰুৱা, অধিবক্তা জাকিৰ হুছেইন ফৰাজীকে প্ৰমুখ্য কৰি বহু কেইজন প্ৰাক্তন ছাত্ৰই হীৰক জয়ন্তী সফলতাৰে পালন কৰাৰ বাবে বিভিন্ন উপদেশ আগবঢ়ায়।
প্ৰায় দুই শতাধিক লোক উপস্থিত থকা এই সভাতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ এখন সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আগন্তুক সভা আহ্বান কৰিবলৈ পীয়ুছ দেৱনাথ, সমৰজিৎ ওজা আৰু দেৱজিৎ হাজৰিকাক লৈ এখন তদৰ্থ সমিতি গঠন কৰি দায়িত্ব অৰ্পণ কৰা হয়।