নগাঁও-কাছাৰ কাগজ কলৰ কৰ্মচাৰীক দৰমহা আদায়ৰ নিৰ্দেশ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ

PaperMill

দীৰ্ঘদিন ধৰি দৰমহা আৰু অন্যান্য সা-সুবিধাৰ পৰা বঞ্চিত হৈ থকা নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ সকলো শ্ৰমিক-কৰ্মচাৰীৰ প্ৰাপ্য দৰমহাকে ধৰি অনাদায় বকেয়া আদায় দিবৰ বাবে শীঘ্ৰে ব্যৱস্থা ল’বলৈ কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে গুৰু উদ্যোগ বিভাগক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে দুয়োটা কাগজকলৰ শ্ৰমিক-কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি (প্ৰায় দুবছৰ) দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে।  ইয়াৰ মাজতে বিভিন্ন আৱেদন-নিবেদন আৰু প্ৰতিবাদৰ অন্ততঃ চৰকাৰে যোৱা ৩১ মাৰ্চত তেওঁলোকৰ প্ৰাপ্য ১৮-১৯ মাহৰ দৰমহাৰ ঠাইত মাত্ৰ ৩ মাহৰ মুকলি কৰি দিছিল। কিন্তু তেতিয়াও কেৱল নিয়মীয়া কৰ্মচাৰীসকলকহে এই ৩ মাহৰ দৰমহা আদায় দিছিল। জাগীৰোড কাগজকলৰ প্ৰায় ২০০ মাষ্টাৰৰোল কৰ্মচাৰী আৰু কাছাৰ কাগজকলৰো অনুৰূপ শ্ৰেণীৰ কৰ্মচাৰীসকলে উক্ত ৩ মাহৰ দৰমহাৰ পৰাও বঞ্চিত হৈছিল।

সূত্ৰটোৱে জনোৱামতে, অলপতে কাছাৰ কাগজ কল কৰ্মচাৰী সন্থাৰ সভাপতি মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে কাগজ কলটোৰ শ্ৰমিক-কৰ্মচাৰীৰ দৰমহাকে দৰি প্ৰাপ্য সকলো বকেয়া আদায় দিয়াৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ ওচৰত লিখিত আৱেদন জনাইছিল।

কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত অফিচ মেম’ৰেণ্ডাম প্ৰকাশ কৰি কাগজ কল দুটাৰ শ্ৰমিক-কৰ্মচাৰীৰ প্ৰাপ্য সকলো অনাদায় ধন শীঘ্ৰে আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ গুৰু উদ্যোগ মন্ত্ৰ্যালয়ক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। কিন্তু এই নিৰ্দেশটোত মাষ্টাৰৰোল কৰ্মচাৰীসকলৰ দৰমহাৰ কথাও সাঙুৰি লোৱা হৈছে নে নাই সময়তহে গম পোৱা যাব।