নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যত বিভিন্ন দল-সংগঠনে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে ”সাংবাদিক সতীৰ্থ বঢ়মপুৰ, পুৰণিগুদাম আৰু চামগুৰি”ৰ অন্তৰ্গত সাংবাদিক সকলৰ আহ্বান ক্ৰমে আৰু পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা বিভিন্ন দল-সংগঠনৰ সহযোগত যোৱা ১৩ মে’ত পুৰণিগুদামস্থিত ড° ভৱেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী প্ৰেক্ষাগৃহত এখন বৃহৎ গণজাগৰণ সভা অনুষ্ঠিত হৈ যায়।
সাহিত্যিক পেঞ্চনাৰ-বিশিষ্ট সাংবাদিক ফণীন্দ্ৰ নাথ গায়নৰ সভাপতিত্বত তথা মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, সাহিত্যিক-সাংবাদিক মোলান লস্কৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মণিমাধৱ মহন্ত বিশিষ্ট বক্তা ৰূপে উপস্থিত থকা উক্ত সভাত গৃহীত প্ৰস্তাৱ মৰ্মে বৃহস্পতিবাৰে সাংবাদিকৰ এটি দলে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী আৰু সাংসদীয় সমিতিৰ অধ্যক্ষলৈ ৰাজহুৱা স্বাৰ্থ জড়িত এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷
পুৰণিগুদামৰ সন্তান, ভাষ্কৰ্য শিল্পী পাৰ্থ প্ৰতীম বৰুৱাই বুকুৰ তেজেৰে কৰা স্বাক্ষৰ সহ প্ৰায় পাঁচ শতাধিক ৰাইজৰ স্বাক্ষৰ সম্বলিত আবেদনৰ জৰিয়তে জনবিৰোধী বিধেয়কখন বাতিলকৰণৰ দাবী জনোৱাৰ লগতে খিলঞ্জীয়া অসমবাসীৰ অস্তিত্ব সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনোৱা হয় ৷
নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰখনি আজি সাংবাদিকসকল ক্ৰমে নীলৰঞ্জন শৰ্মা, জয়ন্ত বৰা ,পদুম কলিতা, নিপুল বৰা, নফিছা হুছেইন, দিগন্ত ভূঞা আৰু কুঞ্জ নাথৰ পৰা অতিৰিক্ত উপায়ুক্ত লাচিত দাসে গ্ৰহণ কৰে