নগাঁৱত পাৰিবাৰিক কন্দলৰ পৰিণতি : এজনক হত্যা, গ্ৰেপ্তাৰ ৪ জন অপৰাধী

Murder-Killing-Image-for-InUth

প্রতিনিধিত্বমূলক ফটো

নগাঁও চহৰৰ সমীপৰ পহুকটা চেচাঁ মুখত কালি নিশা সংঘটিত এক আক্ৰমণৰ ঘটনাত এজন লোক নিহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, গাওঁখনৰে ধনমণি দাস নামৰ লোকজনে তেওঁৰ পত্নীক প্ৰায়ে শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছিল।

কালি সন্ধিয়াও ধনমণি দাসে পত্নীক শাৰিৰীক নিৰ্যাতন চলোৱা প্ৰত্যক্ষ কৰি প্ৰতিবেশী জান্টি  দাসে(৪৫) বাধা প্ৰদান কৰে। ইয়াতে ক্ষুন্ন হৈ ধনমণি দাস আৰু তেওঁৰ পিতৃ ফটিক দাস সহ পৰিয়ালৰ কেইবাজনো লোকে মিলি জান্টি দাসক লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰে।

তেওঁলোকৰ সমূহীয়া প্ৰহাৰৰ ফলত জান্টি দাস গুৰুত্বৰভাবে আহত হয়। পিছত অতি সংকটজনক অৱস্থাত লোকজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।

এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। পিছত ঘটনাটোৰ খবৰ লাভ কৰি ঘটনাস্থলীত নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ এটা আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰি ইতিমধ্যে এই ঘটনা সন্দৰ্ভত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজন হ’ল – ধনমণি দাস, ফটিক দাস, কুসুম শইকীয়া আৰু নীতা শইকীয়া।

স্থানীয় লোকে পাৰিবাৰিক কাৰণতেই এই হত্যাকাণ্ডটো সংঘটিত কৰিছে বুলি জানিব দিয়ে। স্থানীয় ৰাইজে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে প্ৰশাসনক উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।