নগাঁৱত বয়স জালিয়াতিৰে শিক্ষকতা; নথিপত্ৰ জব্দ কৰিবলৈ নিৰ্দেশ শিক্ষা সঞ্চালকালয়ৰ
নিবনুৱাৰে ভাৰাক্ৰান্ত অসমত শিক্ষিত যুৱক-যুৱতীয়ে এটা চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাৰ সময়তে নগাঁৱৰ এজন শিক্ষকে বয়স ফাঁকিৰে বহুদিন ধৰি চাকৰি কৰি থকাৰ এক অভিযোগ পোহৰলৈ অহাত সমগ্ৰ জিলাখনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
এই গুৰুতৰ অভিযোগ পোহৰলৈ আনিছে কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই৷ কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতিগৰাকীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিতে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত পিছত এই সন্দৰ্ভত সংবাদ মাধ্যমত বিভিন্ন বাতৰিও প্ৰকাশ পাইছিল৷
এই খবৰ প্ৰকাশ পোৱাৰ পাছতে নগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াই তৎকালীনভাৱে বলবৎ হোৱাকৈ ৰূপহী প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ সাউদ ভোলানাথ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ সেই সময়ৰ প্ৰধান শিক্ষক জনৈক সভাৰাম হাজৰিকাক নিলম্বনো কৰিছিল৷ কিন্তু লক্ষ্যণীয়ভাৱে নিলম্বন হৈ থকাৰ পাছতো শিক্ষকগৰাকীয়ে দৰমহা পাই আহিছিল বুলিও অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে গুৱাহাটী প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ পৰা এই সমগ্ৰ বিষয়টো পৰীক্ষা কৰিবৰ বাবে জিলা প্ৰাথমিক শিক্ষা বিষয়াক দায়িত্ব অৰ্পণ কৰিছিল যদিও জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু স্কুল পৰিদৰ্শকে বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত ল’ব নোৱৰাত প্ৰায় এবছৰৰ পাছত যোৱা ২৫ জুনত গুৱাহাটীস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ পৰা নগাঁও জিলা প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ পত্ৰ প্ৰেৰণ কৰে।
সেই মৰ্মে ডি ই ই অ’/এলিগ্ৰেছন/২০১৬ দিনাংক ২২-৬-২০১৮ মেম’ নং আৰু ডি ই ই অসম, এল নং- ই এ এ/বি /২১৮/২০০৬/১৪৭ দিনাংক ১৮-৬-২০১৮ মৰ্মে জিলা প্ৰাথমিক জিলা উপ-পৰিদৰ্শক নগাঁও, ৰূপহী প্ৰাথমিক শিক্ষা বিষয়া ১৫৮ নং হাতীগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বয়স জালিয়াতি কৰি ধৰা পৰা জনৈক সভাৰাম হাজৰিকাক বিশেষ নিৰ্দেশ যোগে ২৫ জুনত গুৱাহাটী শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ এক নিৰ্দেশ দিয়ে বুলি এক সূত্ৰই জানিবলৈ দিয়ে ৷
উক্ত নিৰ্দেশৰ ওপৰত ভিত্তি কৰি যোৱা ২৫ জুনত উক্ত আটাইকেইজন লোকৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত তিনি ঘন্টাৰো অধিক সময় উপ-সঞ্চালক আব্দুৰ ৰেজেকে শুনানি গ্ৰহণ কৰে৷
উল্লেখ্য যে, সেইদিনা শুনানিৰ সময়ত অভিযুক্ত শিক্ষকজনে দাখিল কৰা তথ্যপাতি আৰু জিলা শিক্ষা বিভাগে দাখিল কৰা তথ্যপাতি সম্পূৰ্ণ অমিল পোৱা বুলি জানিব পৰা যায়।
১৯৫৩ চনত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা বুলি কাগজে পত্ৰই উল্লেখ আছে যদিও অভিযুক্ত শিক্ষকজনে ১৯৬১ চনতহে নামভৰ্তি কৰা বুলি জানিবলৈ দিয়ে। উক্ত শিক্ষকজনে চাৰ্ভিছ বুক, পান কাৰ্ড তথা বিদ্যালয় প্ৰমাণ-পত্ৰটো জালিয়াতি কৰা তথ্য উক্ত দিনা ধৰা পৰে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে৷
ইফালে জালিয়াতি কৰা শিক্ষকজনৰ সকলো তথ্যপাতি শিক্ষা সঞ্চালকালয়ে জব্দ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ আনকি শিক্ষকজনৰ নিযুক্তি-পত্ৰতো বিসংগতি থকা বুলি কৈ উক্তদিনা উপ-সঞ্চালকক তিনিদিনৰ ভিতৰত প্ৰকৃত নিযুক্তি-পত্ৰ দেখুৱাবলৈ নিৰ্দেশ দিয়ে যদিও বৰ্তমান পৰ্যন্ত উপ-সঞ্চালকক প্ৰকৃত নিযুক্তি-পত্ৰ দেখুৱাবলৈ সক্ষম হোৱা নাই।
কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ কলিতাই প্ৰেছ বিজ্ঞতিযোগে শেহতীয়াকৈ উক্ত শিক্ষকজনৰ জি পি এফৰ ধন মুকলি কৰি দিবলৈ তৎপৰ হৈ উঠিছে বুলি অভিযোগ কৰাৰ লগতে শিক্ষকজনে আঠবছৰৰো অধিক কাল বয়স জালিয়াতিৰে চাকৰি কৰি আহিছে বুলি কৃষক নেতাজনে জানিবলৈ দিয়ে৷
স্মৰ্তব্য যে এতিয়া উক্ত সমগ্ৰ ঘটনাৰ ওপৰত ভিত্তি কৰি কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাত শিক্ষকজন আৰু স্কুল পৰিদৰ্শকগৰাকীৰ ওপৰত এক গোচৰ তৰিব বুলি সংবাদ মাধ্যমক জনায়৷