নগাঁৱৰ চামগুৰিত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আজি আহ্বান জনোৱা অসম বন্ধৰ সময়ত নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন স্থানত বন্ধৰ সমৰ্থক সকলে ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত  কৰে।

প্ৰতিবাদকাৰী সকলে ‘অসম চৰকাৰ হায় হায়,সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেদ্ৰ মোদী মুৰ্দাবাদ, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম মুৰ্দাবাদ, পল্লৱলোচন দাস মুৰ্দাবাদ’ আদি ধ্বনিৰে চাপানালা আৰু আমনিৰ ৰঙাগড়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে।

আনহাতে ছয় জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিৰ মৰ্যাদা নিদিলে আৰু অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰাৰ লগতে মন্ত্ৰী পল্লব লোচন দাসে জনগোষ্ঠীৰ আশা-আকাংক্ষাৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰাৰ অভিযোগ কৰি মন্ত্ৰী পল্লৱ লোচন দাসৰ ওপৰত সৰৱ হৈ পৰে আটছা নেতা কৰ্মী সকল।

ইফালে প্ৰতিবাদৰ সময়ছোৱাত প্ৰতিবাদস্থলীত চামগুৰি আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু চামগুৰি ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।