• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: বৰ্ষাবিঘ্নিত মেচত ইডেনত সেমেকিল মুম্বাই; প্লে অফ নিশ্চিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2024 8:09 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে বৰ্ষাবিঘ্নিত মেচত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি ইডেনত প্লে অফত স্থান নিশ্চিত কৰে কলকাতা নাইট ৰাইডাৰ্ছে। প্ৰথমটো দল হিচাপে শেষ চাৰিটা স্থানত প্ৰৱেশ কৰিলে। বৰষুণৰ বাবে বাধাগ্ৰস্ত খেলখনত প্ৰথমে বেটিং কৰি কেকেআৰে ৭ উইকেটত ১৫৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত হাৰ্দিক পাণ্ডিয়াৰ দলটোৱে ৮ উইকেটত ১৩৯ ৰান সংগ্ৰহ কৰি ইনিংছৰ অন্ত পেলায়।

খেলখনত কলকাতাই ১৮ ৰানত জয়লাভ কৰে। কেকেআৰৰ সফল বলাৰ বৰুণ চক্ৰৱৰ্তীয়ে ১৭ ৰানত ২ টা উইকেট দখল কৰে। তেওঁৰ সৈতে ৰাছেল (৩৪/২) হৰ্ষিত ৰানা (৩৪/২) আৰু সুনীল নাৰিনে (২১/১) যোগ্য সংগ দিয়ে।

Apply Now

বৰষুণৰ বাবে কলকাতা বনাম মুম্বাইৰ খেলখন ২০ অভাৰৰ পৰা ১৬ অভাৰলৈ হ্ৰাস কৰা হয়। নিৰ্ধাৰিত সময়ৰ বহু পিছত নিশা ৯ বজাত টছ অনুষ্ঠিত হয়, নিশা ৯.১৫ বজাৰ পৰা খেল আৰম্ভ হয়। বলাৰসকলৰ সৰ্বাধিক অভাৰৰ সংখ্যাও হ্ৰাস পায়। এই মেচত প্ৰতিটো দলৰ পৰা এজনকৈ বলাৰক চাৰি অভাৰ বলিং কৰিবলৈ দিয়া হয়।

ঘৰুৱা খেলপথাৰৰ বাহিৰৰ খেলখনত টছত জয়লাভ কৰাৰ পাছত মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই সেই সুযোগ দিয়ে দলটোৰ মূল বলাৰ যশপ্ৰীত বুমৰাহক। তেওঁ দায়িত্ব ভালদৰে পালন কৰিলে। চাৰি অভাৰত ৩৯ ৰানত ২টা উইকেট দখল কৰে। আন এজন অভিজ্ঞ মুম্বাই বলাৰে কলকাতাক ডাঙৰ স্কোৰ কৰিবলৈ নিদিলে। তেওঁ হৈছে পীযুষ চাওলা (৩-২৮-২) চাওলা।

অৱশ্যে কলকাতাই ১৫০ ৰান অতিক্ৰম কৰাৰ অন্যতম কাৰণ আছিল ভেংকটেশ আয়াৰৰ বেটিং (৪২)। খেলখনৰ দ্বিতীয় অভাৰতে মাত্ৰ ১০ ৰানত দুয়োগৰাকী অপেনাৰ পেভিলিয়নলৈ উভতি অহাৰ পিছত ভেংকটেশে ইনিংছ চম্ভালে। পিছত প্ৰয়োজনৰ সময়ত দলৰ কাষত থিয় দিয়ে নীতিশ ৰানাই (৩৩)। শেষৰ ফালে ৰাছেল (২৪), ৰিংকু আৰু ৰমনদীপ সিঙে ১৭) অৰিহণা যোগায়। শেষত কলকাতাই ৭টা উইকেট হেৰুৱাই স্ক’ৰব’ৰ্ডত ১৫৭ ৰান সংগ্ৰহ কৰে।

মুম্বাইৰ অ’পেনাৰ ৰোহিত শৰ্মা আৰু ঈশান কিষানে ১৫৮ ৰানৰ লক্ষ্যৰে বেটিং কৰিবলৈ নামি ভাল আৰম্ভণি কৰে। শনিবাৰৰ দিনটোতে ছন্দত থকা ঈশানে ২২টা বলত ৪০ ৰান সংগ্ৰহ কৰে। অৱশ্যে ২৪টা বলত ১৯ ৰান সংগ্ৰহ কৰি ৰোহিতে আউট হৈ যায়। সূৰ্যকুমাৰ যাদৱে ৰান কৰিব নোৱাৰিলে, টিম ডেভিদ শূন্য ৰানতে উভতিল।

দলৰ প্ৰয়োজন অনুসৰি অধিনায়কত্বৰ ইনিংছ খেলিব নোৱাৰিলে হাৰ্দিক পাণ্ডিয়াই। তেওঁ ৪টা বলত ২ ৰান কৰি আউট হয়। সুনীল নাৰাইন, ৰাছেল, বৰুণ চক্ৰৱৰ্তীৰ নিয়ন্ত্ৰিত বলিং চম্ভালিবলৈ তিলক ভাৰ্মাই অলপ সংগ্ৰাম কৰে। তেওঁ ১৭টা বলত ৩২ ৰান সংগ্ৰহ কৰে। নমন ধীৰেও শেষত চেষ্টা চলায়। কোবাই খেলি ৬টা বলত ১৭ ৰান কৰে।

অৱশ্যে ১৬ অভাৰত ৮টা উইকেট হেৰুৱাই মুম্বাইৰ ইনিংছ ১৩৯ ৰানতে সমাপ্ত হয়। ফলত শনিবাৰে জয়লাভ কৰি শ্ৰেয়াছ আয়াৰৰ কেকেআৰে প্লে অফ নিশ্চিত কৰে।

সংক্ষিপ্ত স্কোৰঃ

কলকাতা নাইট ৰাইডাৰ্ছঃ ১৫৭/৭ (১৬ অভাৰ) ভেংকটেশ আয়াৰ ৪২, নীতিশ ৰানা ৩৩, বুমৰাহ (৩৯/২)

মুম্বাই ইণ্ডিয়ানছঃ ১৩৯/৮ ঈশান কিষাণ ৪০, তিলক ভাৰ্মা ৩৩, বৰুণ চক্ৰৱৰ্তী (১৭/২)

কলকাতাই ১৮ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd