NORTHEAST NOW (Assamese)

নগাঁৱৰ চামগুৰিত বিদ্যুৎস্পৃষ্ট হৈ বহিঃৰাজ্যৰ এজন লোকৰ মৃত্যু

June 14, 2018 5:11 pm · মিণ্টু দাস

নগাঁও জিলাৰ চামগুৰি অঞ্চলৰ ভেলৌগুৰিত আজি পুৱা সংঘটিত হয় এক শোকাৱহ ঘটনা। ভেলৌগুৰিৰ এটা ভাড়াঘৰত বহিঃৰাজ্যৰ এজন লোক  বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ‌ পেলাইছে।

মৃত লোকজন অন্ধ্ৰপ্ৰদেশৰ পি ৰাজেন্দ্ৰ প্ৰসাদ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ভাড়াঘৰৰ পিছফালৰ চোতালত কাপোৰ মেলিবলৈ গৈছিল লোকজন। কিন্তু দুৰ্ভাগ্যজনক ভাৱে কাপোৰ মেলা ৰছীত এডাল বিদ্যুতৰ ছিঙা তাঁৰ লাগি আছিল যাৰ ফলত এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে বহিঃৰাজ্যৰ লোকজন নগাঁৱৰ উৰিয়াগাঁৱৰ পৰা আমনি পৰ্যন্ত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰত কোম্পানী টি কে কনষ্ট্ৰাকশ্যনৰ কামত নিয়োজিত আছিল।

ইফালে ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজৰ তৎপৰতাত লোকজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে।

Related News