• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱৰ বনকৰ্মীক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত ৪ জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 10, 2017 1:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত ক্ৰমাৎ বাঢ়ি অহা হাতী-মানুহৰ সংঘাতে চাৰিওফালে এক অন্য ৰূপ ধাৰণ কৰিছে। বনৰীয়া হাতীৰ দ্বাৰা ক্ষতিগ্ৰস্ত মানুহৰ খং-ক্ষোভ কেৱল হাতীৰ ওপৰতেই নহয়, বনবিভাগৰ মানুহৰ ওপৰতো হৈছেগৈ। ফলত কেতিয়াবা কেৱল বনৰীয়া হাতীকে নহয়, বন বিভাগৰ মানুহৰ ওপৰতো জনসাধাৰণ লোক খৰ্গহস্ত হয়। তেনে এটা ঘটনাই ঘটিছিল নগাওঁ জিলাৰ কন্দলি অঞ্চলত। জানিব পৰামতে কালি দুপৰীয়া খাদ্যৰ সন্ধানত  জনাঞ্চললৈ নামি অহা ১৫০ টা মান বনৰীয়া হাতীৰ পালক খেদিবলৈ যোৱা বনকৰ্মীক একাংশ লোকে প্ৰহাৰ কৰি আহত কৰে। উক্ত ঘটনা সন্দৰ্ভত আজি নগাওঁ আৰক্ষীয়ে এগৰাকী মহিলা সহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজন ননৈ আৰক্ষী চকীৰ অন্তৰ্গত ছোটকন্দলী অঞ্চলৰ সোমেশ্বৰ দৈমাৰী, ৰানুমাই দৈমাৰী, সঞ্জয় মিলিক আৰু সঞ্জয় টেৰন বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে জনোৱা মতে, নগাঁৱৰ কন্দলি, চাপানলা, বালিজুৰি, কলিয়াবৰ আদি অঞ্চলত যোৱা বহুদিনৰ পৰা বনৰীয়া হাতীয়ে চলাই অহা তাণ্ডৱত অঞ্চলবাসী আতংকিত হৈ আহিছে। এই সন্দৰ্ভত ভুক্তভোগী ৰাইজে বন বিভাগক বাৰম্বাৰ অৱগত কৰি অহাৰ পিছতো বন বিভাগে কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল। ইয়াৰ ফলত স্থানীয় ৰাইজ ক্ষুভিত হৈ আছিল। আনহাতে কালিও বনৰীয়া হাতীৰ পাল কন্দলি অঞ্চললৈ অহাৰ খবৰ লাভ কৰি বনবিভাগৰ কৰ্মীয়ে অঞ্চলটোত উপস্থিত হয়। কিন্তু পূৰ্বৰে পৰা বন বিভাগৰ ওপৰত ক্ষুভিত স্থানীয় একাংশ উত্তেজিত লোকে কালি বনৰীয়া হাতী খেদিবলৈ যোৱা বনকৰ্মীকে আক্ৰমণৰ লক্ষ্য কৰি লয়। উত্তেজিত লোকৰ আক্ৰমণত কবীন মহন্ত, গুলকান্ত হাজৰিকা, ৰূপজ্যোতি বৰা নামৰ বনকৰ্মী কেইজন আহত হোৱাৰ লগতে আলী হুছেইন নামৰ এজন বনকৰ্মী গুৰুতৰভাৱে আহত হোৱাত সম্প্ৰতি চিকিৎসাধীন হৈ আছে। ঘটনা সন্দৰ্ভত কালিয়েই নগাঁও জিলা বন সংমণ্ডল বিষয়াই ননৈ আৰক্ষীচকীত এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰ ভিত্তিত আৰক্ষীয়ে আজি অভিযান চালাই উল্লিখিত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উক্ত ঘটনাৰ খবৰ লাভ কৰি আজি  পুৱা বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই নগাঁৱলৈ আহি নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লত চিকিৎসাধীন হৈ থকা আলী হুছেইন নামৰ বনকৰ্মীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ঘটনা সন্দৰ্ভত বনবিভাগৰ বিষয়া কৰ্মচাৰীৰ লগত আলোচনাত মিলিত হয়। আনহাতে বনমন্ত্ৰী গৰাকীয়ে কালিৰ ঘটনা সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও মন্তব্য কৰে।

এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

September 7, 2025 7:30 pm
বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

September 7, 2025 6:30 pm
সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

September 7, 2025 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

September 7, 2025 7:30 pm
বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

September 7, 2025 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd