NORTHEAST NOW (Assamese)

নগাঁৱৰ মৰি কলঙত পথ দুৰ্ঘটনা, ক্ষুব্ধ ৰাইজৰ পথ অৱৰোধ

July 20, 2018 9:12 pm · মিণ্টু দাস

নগাওঁ চহৰৰ মৰিকলং কেঁচাআলি পথত এক পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি আজি ২০ জুলাইত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়।

কিছুদিন পূৰ্বে পুনৰনিৰ্মাণ সম্পূৰ্ণ হোৱা পথটোত গতিৰোধক স্থাপনৰ দাবী জনাই স্থানীয় লোকে আজি বিয়লি কেঁচাআলি পথটো দীৰ্ঘ সময় ধৰি অৱৰোধ কৰে।

উল্লেখ্য যে কালি নিশা স্থানীয় ৰাম প্ৰসাদ চৌহান নামৰ এজন লোক এখন দ্ৰুতবেগী মটৰ চাইকেলৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল। লোকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে আজি বিয়লি লোকজনৰ মৃত্যু ঘটে।

লোকজনৰ মৃত্যু ঘটাৰ খবৰ পাই স্থানীয় একাংশ লোক উত্তেজিত হৈ পৰি পথ অৱৰোধ কৰে। স্থানীয় ৰাইজে একাংশ মটৰ চাইকেল চালকৰ দৌৰাত্ম্যৰ বাবে পথটোত গতিৰোধক দিয়াৰ দাবী জনাই আহিছিল যদিও প্ৰশাসনে গুৰুত্ব নিদিয়াত আজি পথ অৱৰোধ কৰে।

Related News