নগাওঁ-ভূৰাগাঁও সংযোগী গড়কপ্তানী পথৰ দুৰৱস্থা : শীঘ্ৰে পথ মেৰামতিৰ দাবী অঞ্চলবাসীৰ

19004a03-648b-4a77-960e-1cad4da63cc9-1

পৰিৱৰ্তনৰ শ্ল’গানেৰে কেন্দ্ৰৰ লগতে ৰাজ্যত ক্ষমতাত অধিষ্ঠিত হৈছিল বিজেপি মিত্ৰজোট চৰকাৰ। কিন্তু বাস্তবত এতিয়াও ৰাইজে কোনোধৰণৰ পৰিৱৰ্তন প্ৰত্যক্ষ কৰা নাই। জৰাজীৰ্ণ বাট পথ, মৰণফাণ্ডত ,পৰিণত হোৱা দলঙসমূহে গভীৰ সমস্যাত পেলাইছে সৰ্বসাধাৰণ ৰাইজক।

ৰাজ্যৰ বিভিন্ন এলেকাৰ মাজত শোচনীয় পথ যোগাযোগে বাধাৰ সৃষ্টি কৰিছে জনসাধাৰণক। ঠিক সেইদৰে মৰিগাঁও জিলাৰ লাহৰীঘাটত গড়কাপ্তানী পথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে সৰ্বসাধাৰণ ৰাইজক ৷

অতি ব্যস্ত নগাওঁ-ভূৰাগাঁও সংযোগী গড়কপ্তানী বিভাগৰ পকী পথচোৱা খহিছে চপৰা চপৰে৷ নিতৌ হাজাৰ হাজাৰ পথাচাৰিৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ যাতায়াতৰ একমাত্ৰ মাধ্যম এই পথচোৱাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে উক্ত অঞ্চলৰ ৰাইজ।

উল্লেখ্য যে বিগত বছৰৰ প্ৰলয়ংকাৰী বানে এক প্ৰকাৰৰ তচনচ কৰি থৈ গৈছিল পথচোৱাৰ লগতে সমগ্ৰ অঞ্চলতো৷ আৰু তেতিয়াৰে পৰা আজিলৈকে পথছোৱা নিৰ্মাণৰ নামত  মৰিগাঁও জিলাৰ বিয়াগোম গড়কাপ্তানী বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী।

এতিয়া এজাক বৰষুনতেই জহি খহি নাইকিয়া হ’বলৈ ধৰিছে এই পকী পথচোৱা৷ ইতিমধ্যে খহনীয়াত জাহ গৈছে পথৰ অৰ্ধাংশ৷ সমগ্ৰ অঞ্চলটোৰে এতিয়া যোগাযোগৰ ব্যৱস্থা ব্যাহত হৈ পৰাত অঞ্চলবাসীয়ে অতি শীঘ্ৰে পথটো মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়৷