NORTHEAST NOW (Assamese)

নগাৱঁৰ ডুমডুমীত জুৱাৰ আড্ডা উৎখাত কৰিবলৈ যোৱা আৰক্ষীক গুলীয়াই হত্যা কৰা ঘটনাত জড়িত আন দুজনক গ্ৰেপ্তাৰ

May 14, 2018 7:55 pm · এন ই নাও নিউজ

আজি নগাওঁ আৰক্ষীয়ে ধিং অঞ্চলৰ পৰা দুজন ডকাইতক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীৰ এটা সূত্ৰই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছে। সূত্ৰটোৰ মতে, যোৱা ১২ মে’ত নগাৱঁৰ ডুমডুমী বজাৰত জুৱাৰ আড্ডা উৎখাত কৰিবলৈ যোৱা আৰক্ষীক জুৱাৰীয়ে গুলীয়াই হত্যা কৰা ঘটনাটোৰ সৈতে এওঁলোক দুজন জড়িত।

উল্লেখযোগ্য যে উক্ত দিনা নগাৱঁৰ ডুমডুমীত চলি জুৱাৰ আড্ডা উৎখাত কৰিবলৈ যোৱা আৰক্ষীৰ দলৰ এজন জোৱান অনিল দাস জুৱাৰীৰ গুলীত নিহত হৈছিল। ঘটনাৰ দিনাই এজন জুৱাৰী জালালুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম কৰিছিল।

আনহাতে আজি গ্ৰেপ্তাৰ কৰা ৰহমত উল্লাহৰ পৰা এটা হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ হৈছে বুলিও সূত্ৰটোৱে জানিবলৈ দিছে। ১২ মে’ৰ ঘটনাৰ পিছতে এই দুয়োজনে ধিঙত আত্মগোপন কৰি আছিল। কিন্তু আজি বিশেষ সূত্ৰৰ পম খেদি ধিঙৰ এক ভিতৰুৱা অঞ্চলৰ পৰা আৰক্ষীয়ে ছাদিকুল আৰু ৰহমতক গ্ৰেপ্তাৰ কৰে।

Related News