মে’ মাহৰ ২৮ তাৰিখে নাগালেণ্ডৰ একমাত্ৰ লোকসভা আসনখনৰ বাবে অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি পৰ্ব আৰম্ভ কৰা হৈছে। ভোট গণনা ৩১ মে’ত সম্পন্ন কৰা হ’ব।
সোমবাৰে নাগালেণ্ডৰ উপ নিৰ্বাচনৰ আয়ুক্ত আৰু ৰিটাৰ্নিং বিষয়া মটছুথাং পাট্টনে কৈছে যে মহা পৰ্যৱেক্ষক ড০ জে ৰবিশংকৰ আৰু মানবেন্দ্ৰ চক্ৰবৰ্তী আহি নাগালেণ্ডত উপস্থিত হৈছেহি। তেওঁ কৈছে যে নিৰ্বাচন সন্দৰ্ভত যিকোনো তথ্যৰ বাবে সকলো ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু জনসাধাৰণে তেওঁলোকক সাক্ষাৎ কৰিব পাৰে।
এক জাননীযোগে ডিমাপুৰৰ উপায়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়া সুশীল কুমাৰ পেটেলে জনাইছে যে নাগালেণ্ড সংসদীয় সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ডিমাপুৰৰ ৰাজহ বিষয়া আটছুংবা ৱালিঙক ভাৰপ্ৰাপ্ৰাপ্ত বিষয়া হিচাপে লৈ তেওঁৰ কাৰ্যালয়ত জিলা নিয়ন্ত্ৰণ কক্ষ গঠন কৰা হৈছে। যদিহে কিবা জানিবলগীয়া থাকে তেন্তে জিলা নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ৯৪০২০৪১৬৯৫ত যোগাযোগ কৰিব পাৰে বুলি তেওঁ জনাইছে। সোমবাৰে ভোটাৰ ভেৰিফাইড পেপাৰ অ’ডিট ট্ৰায়েলৰ প্ৰিজাইডিং অফিচাৰ, প্ৰথম প’লিং অফিচাৰ, দ্বিতীয় প’লিং অফিচাৰ, তৃতীয় প’লিং অফিচাৰ, অতিৰিক্ত প’লি অফিচাৰ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক কোহিমা কলেজৰ অডিটৰিয়ামত প্ৰশিক্ষণ প্ৰদান কৰা হয়। কোহিমাৰ উপায়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়া ৰাজেশ সৌন্দৰাজনে সকলো নিৰ্বাচন বিষয়াকেই নিৰ্বাচন কৰ্তব্যত উপস্থিত থকা আৰু প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। অন্যথা জনসাধাৰণৰ প্ৰতিনিধিত্ব আইন-১৯৫০ আৰু নিৰ্বাচনী আচৰণবিধি-১৯৬০ৰ অধীনত দোষী সাব্যস্ত কৰা হ’ব।
ইতিমধ্যে জিলা দণ্ডাধীশ কে থাভাছিলানে জিলাখনৰ ভিতৰুৱা সকলো স্থানতে পঞ্জীয়নকৃত মাৰণাস্ত্ৰ লগত লৈ ফুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। মে’ৰ ২০ তাৰিখৰ পূৰ্বে পঞ্জীয়নকৃত মাৰণাস্ত্ৰৰ গৰাকীসকলক তেওঁলোকৰ মাৰণাস্ত্ৰসমূহ নিকটস্থ আৰক্ষী চকীত জমা দিয়াৰ বাবে নিৰ্দেশ জাৰী কৰিছে।