নতুন পেঞ্চন নীতি প্ৰত্যাহাৰৰ দাবীৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পোষ্ট কাৰ্ড প্ৰেৰণ বিশ্বনাথ প্ৰাথমিক শিক্ষক সন্মিলনীৰ
আজি সমগ্ৰ ভাৰত বৰ্ষৰ লগতে বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিক্ষক শিক্ষয়িত্ৰী সকলেও নতুন পেঞ্চন নীতি শীঘ্ৰে বন্ধ কৰা আৰু পূৰ্বৰ পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত পোষ্ট কাৰ্ড প্ৰেৰণ কাৰ্যসূচী গ্ৰহণ কৰে।
বিশ্বনাথ মহকুমাৰ শিক্ষক শিক্ষয়ত্ৰীসকলে বিশ্বনাথ চাৰিআলি ডাকঘৰৰ বিষয়াৰ জৰিয়তে লোকসভাৰ বিৰোধী দলৰ দলপতি মলিকা অৰ্জুন খাৰ্গে আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সফলভাৱে পোষ্ট কাৰ্ড প্ৰেৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
আজিৰ এই কাৰ্যসূচীত বিশ্বনাথ মহকুমা প্ৰাথমিক সন্মিলনীৰ সভাপতি দুলাল বৰা, সম্পাদক প্ৰধান পৰেশ বৰা, ৰাজ্যিক সদস্য লক্ষ হাজৰিকাৰ নেতৃত্বত বহুতো শিক্ষক শিক্ষয়ত্ৰীৰ অংশগ্ৰহণেৰে এই কাৰ্যসূচী পালন কৰা হয়।