নৱ শৰণীয়াক সমালোচনা সাংসদ বিশ্বজিৎ দৈমাৰীৰ

BTC-chief-570x320

ফাইল ফটো

ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে শুকুৰবাৰে অভিযোগ কৰে যে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই তেওঁৰ ন্যস্ত ৰাজনৈতিক স্বাৰ্থৰ বাবে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে।

হৰিশিঙাত অনুষ্ঠিত বিপিএফৰ ৩৪তম কাৰ্যবাহী বৈঠকত ভাষণ দি দৈমাৰীয়ে ৰাজনৈতিক লাভৰ বাবে সাধাৰণ ৰাইজক শৰণীয়াই বিপথে পৰিচালিত কৰা বুলি অভিযোগ কৰে।

বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে সভাত ভাষণ দি ব্যক্ত কৰে যে ভিচিডিচিৰ নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনৰ দৰে অনুষ্ঠিত কৰিবলৈ তেওঁ আগ্ৰহী।

‘’আমি পঞ্চায়তৰ দৰেই ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব বিচাৰো। বহুদিনৰ পৰাই বিটিচিৰ চাৰিখন জিলাৰ ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ধাৰণা এটাই মোৰ মনত খুন্দিয়াই আছে। কিন্তু এইক্ষেত্ৰত আমি ৰাজ্য চৰকাৰৰ পৰা নিশ্চিতি লাভ কৰা নাই,’’-বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয়।

বিটিচিৰ মুৰব্বীগৰাকীয়ে কয় যে ইয়াৰ মিত্ৰজোঁট বিজেপিৰ সৈতে কোনো মতানৈক্য নাই। ‘’ পঞ্চায়ত নিৰ্বাচনত বিপিএফে সেইবোৰ অঞ্চলতে প্ৰাৰ্থী দিব য’ত তেওঁলোকৰ ভাল সমৰ্থন ভিত্তি আছে,’’-তেওঁ কয়।

মহিলাৰীয়ে লগতে কয়,’’ ৰঙালী বিহুৰ আগেয়ে বিপিএফে ইয়াৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব।‘’

তেওঁ লগতে জনায় যে ভিচিডিচিৰ অধ্যক্ষ এটা অঞ্চলৰ সংখ্যগৰিষ্ঠ লোক থকা সম্প্ৰাদায়টোৰ পৰা মনোনীত কৰা হ’ব।

ৰাজনৈতিক সজাগতা সৃষ্টি কৰিবলৈ নগৰ আৰু মফচলীয়া চহৰসমূহত বিপিএফে শীঘ্ৰেই নাগৰিক সভা অনুষ্ঠিত কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকীও বিপিএফ নেতাই ভাষণ দিয়ে।