নলবাৰীত নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ৰ বিৰুদ্ধে মহিলা সমাজৰ প্ৰতিবাদ

প্ৰতিনিধিত্বমূলক ফটো

কালি নলবাৰীৰ সমগ্ৰ অঞ্চলত ব্যাপকভাৱে বৃদ্ধি পোৱা মদ, ভাং, ড্ৰাগছ আদি নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায়ৰ বিৰুদ্ধে নলবাৰীৰ সোণপুৰৰ মহিলা সমাজে প্ৰতিবাদ সাব্যস্ত কৰে।

সোণপুৰ মহিলা সমাজে এই নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় বন্ধ কৰাৰ বাবে নলবাৰীৰ সদৰ থানাত উপস্থিত হৈ আৰক্ষীক দাবী জনায়।

নলবাৰী সদৰ থানাত উপস্থিত হৈ মহিলা সমাজে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক লগ ধৰি নলবাৰী চহৰত বৃদ্ধি পোৱা মদ, ভাং, ড্ৰাগছ ব্যৱসায় বন্ধ কৰাৰ বাবে বিশদ বিৱৰণী আগবঢ়াই।

আনহাতে আজি এই সন্দৰ্ভত মনসা মন্দিৰ প্ৰাংগণত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে বুলি পৌৰসভাৰ সভানেত্ৰী বিপাশা দাসে জনাইছে।

উল্লেখযোগ্য যে নলবাৰী জিলাৰ এই নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ে একাংশ যুৱকক বিপথে পৰিচালিত কৰাৰ লগতে একাংশ যুৱক সম্পূৰ্ণভাৱে ধ্বংসৰ দিশলৈ গতি কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে আন একাংশ যুৱকে সহজতে ধন ঘটাৰ লালসাত এই নিচাজাতীয় সামগ্ৰী ব্যৱসায়ত নামি পৰা স্থানীয় ৰাইইজৰ পৰা জানিব পৰা গৈছে।