NORTHEAST NOW (Assamese)

নলবাৰী সদৰ থানাত বিস্ফোৰণ, আহত আৰক্ষী উপ পৰিদৰ্শক

April 22, 2018 4:33 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

নলবাৰীৰ সদৰ থানা চৌহদত ২২ এপ্ৰিলত এক প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণত বাবুল শইকীয়া নামৰ এজন উপ পৰিদৰ্শক আহত হৈছে।

আৰক্ষীয়ে দাবী কৰা মতে জাবৰৰ দ’মত থকা ডাঙৰ বটল জুইত বিস্ফোৰিত হোৱাৰ ফলত এই ঘটনা ঘটিছে। আৰক্ষী সূত্ৰ অনুসৰি থানাখনত তেওঁলোকে চাফাই অভিযান চলাই আছিল।

থানাখনৰ দুৱাৰ-খিৰিকীৰ আইনা ভাঙি চূৰমাৰ হোৱা বিস্ফোৰণটো স্থানীয় ৰাইজে গ্ৰেনেডজাতীয় বিস্ফোৰণ বুলি সন্দেহ কৰিছিল।

সদৰ থানাত হোৱা প্ৰচণ্ড বিস্ফোৰণৰ শব্দই নলবাৰী চহৰত চাঞ্চল্যৰ সৃষ্টি কৰে।

Related News