NORTHEAST NOW (Assamese)

নাগালেণ্ডত বেয়া বতৰৰ ফলত আকাশ মাৰ্গৰ পৰা সাহায্য সামগ্ৰী বিতৰণ কৰিব পৰা নাই ভাৰতীয় বিমান বাহিনীয়ে

August 3, 2018 9:08 pm · ভদ্ৰ গগৈ
Updated: August 3, 2018 9:22 pm

শুকুৰবাৰৰ বেয়া বতৰৰ বাবে নাগালেণ্ডৰ ভূমিস্খলিত জিলাসমূহত আকাশৰ পৰা সাহায্য বিতৰণত বিফল হ’ব লগা হৈছে ভাৰতীয় বিমান বাহিনী।

সূত্ৰ মতে ভাৰতীয় বিমান বাহিনীৰ ইষ্টাৰ্ন কমাণ্ডৰ দুখন হেলিকপ্টাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীসহ ডিমাপুৰৰ পৰা পুৱা যাবলৈ ওলাইছিল যদিও বেয়া বতৰৰ বাবে ক্ষতিগ্ৰস্ত এলেকাসমূহত অৱতৰণ কৰিব নোৱাৰি ঘূৰি আহে।

আকাশৰ পৰা বস্তু দিবলে যোৱা ঠাইসমূহ আছিল তেনিং আৰু পেৰেং জিলাৰ ৩৬নং অসম ৰাইফলছৰ শিবিৰ, মন জিলাৰ তবু, কিফিৰে মুখ্যালয় আৰু কিফিৰে জিলাৰ পুংৰ’ আৰু তুৱেনচাং জিলাৰ নকলাক আৰু নকচেন।

নাগালেণ্ডৰ ৰাজ্য চৰকাৰে এই বস্তু দিয়াৰ বাবে কেন্দ্ৰৰ গৃ্হ মন্ত্ৰ্যালয়ৰ সৈতে গোট বান্ধিছে।

কহিমাস্থিত দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য মতে বহু ৰাষ্টা ধ্বংস হৈছে।

পানীত ডুবা চাৰিজন লোকৰ অন্তিমজনক উদ্ধাৰ কৰা হৈছে।

তুৱেনছাঙৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্য চৰকাৰে ৪লাখকৈ টকা দিছে।

বিপদগ্ৰস্তসকলৰ শিবিৰ পাতিব পৰাকৈ পঞ্চায়ত ভৱনবোৰ খালী ৰাখিবলৈ কহিমাৰ অতিৰিক্ত উপায়ুক্তই শুকুৰবাৰে [প্ঞ্চায়ত সভাপতিক নিৰ্দেশ দিছে।

Related News