নাগালেণ্ডৰ আবিঅ’জেনেছিচ বেণ্ডৰ গায়ক আৰেনলা চুবঙৰ ‘Wings of Passion’ নামৰ নাট সংকলন মুকলি

Abiogenesis

আবিঅ’জেনেছিচ

‘লোকসংগীত-ফ্যুজন বেণ্ড বোলা’ আবিঅ’জেনেছিচ বেণ্ডৰ মূল গায়ক আৰেনলা চুবঙৰ এক নাট সংকলন মুকলি হৈছে। সংকলনটোৰ নাম ‘Wings of Passion’ (বাসনাৰ ডেউকা)।

Lichaba’s Daughter, Sojourn of the Ahom Prince in Naga Hills, Big Time Buddies and Adapting to Change শীৰ্ষক চাৰিখন নাট সংকলনটোত অন্তৰ্ভুক্ত কৰা হৈছে।

অ’ড়িচাৰ ৰাজ্যপাল এচ চি জমিৰে ৩য় অ’ড়িচা কলা আৰু সাহিত্য উৎসৱত কিতাপখন মুকলি কৰে।

নাগালেণ্ডৰ এই জনপ্ৰিয় বেণ্ডটো আৰেনলা, ম’ৱা, আচ’ আৰু মেৰেন এই চাৰিজন সদস্যক লৈ গঠিত।

বামহাম নামৰ এবিধ সুষিৰ বাদ্য আৰু অনন্য ধ্বনিদায়ী তিকজিক নামৰ এবিধ ঘাত বাদ্য উদ্ভাৱনৰ বাবে তেওঁলোকক কৃতিত্ব দিয়া হয়। দুয়োবিধ বাঁহেৰে নিৰ্মিত বাদ্য।

হেৰিটে’জ প্ৰকাশনে প্ৰকাশ কৰা এই কিতাপখনৰ দাম ৩০০ টকা।

ডিমাপুৰৰ বিভিন্ন কিতাপৰ দোকানৰ লগতে নিৰ্বাচিত কিছু অনলাইন বিপনীত এই কিতাপখন পোৱা যাব।