নাগালেণ্ডৰ প্ৰাণী উদ্যানক ‘পলিথিনমুক্ত অঞ্চল’ ঘোষণা

Nagaland

শেহতীয়াভাৱে নাগালেণ্ডৰ প্ৰাণী উদ্যানখন ভ্ৰমণ কৰি ৰাজ্যখনৰ বন, জলবায়ু পৰিবৰ্তন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চি এম চাঙে উদ্যানখনক পলিথিনমুক্ত অঞ্চল হিচাপে ঘোষণা কৰে।

উদ্যানখন ভ্ৰমণকালত মন্ত্ৰী চাঙে লগতে প্ৰাণী উদ্যানখনত পশু চিকিৎসালয় তথা পূৰ্ণকালীন চিকিৎসক নথকা বিষয়টোত আশ্বৰ্য প্ৰকাশ কৰে।বিষয়টোক গভীৰভাৱে উপলব্ধি তেওঁ লগতে উদ্যানখনত থকা প্ৰাণীসমূহক উন্নত চিকিৎসা ব্যৱস্থা প্ৰদানৰ আৱশ্যকতাৰ কথাও দোহাৰে।

আনহাতে নাগা লোকসকলৰ আতিথ্যৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে প্ৰাণী উদ্যানখন ভালদৰে চোৱাচিতা কৰাৰ লগতে উদ্যানখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তোলাৰ আহ্বান জনায়। উদ্যানখনক পলিথিনমুক্ত অঞ্চল হিচাপে ঘোষণা কৰি মন্ত্ৰী চাঙে লগতে যিসকলে ইয়াৰ বিপৰীতে কাম কৰিব তেনেলোকক উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব বুলিও ঘোষণা কৰে।

মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালতে উদ্যানখনৰ কৰ্মচাৰীসকলে অধিক নিৰীক্ষণ চকী স্থাপন, আৱাস নিৰ্মাণৰ বাবে অনুৰোধ জনায়। চাঙে লগতে উদ্যানখনৰ নিৰাপত্তাৰক্ষীৰ বাবে নতুনকৈ সাজি উলিওৱা এটা কোঠাও উদ্ধোধন কৰে।

অৱশ্যে অনতিপলমে উদ্যানখনত স্থায়ী পশু চিকিৎসকৰ এটা পদ সৃষ্টি কৰা হ’ব বুলি মন্ত্ৰী চাঙক আশ্বাস দিয়ে আইন আৰু ন্যায় বিভাগৰ উপদেষ্টা ড০ লংৰিনিকেনে।

অনুষ্ঠানটোত অন্যান্য বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।