নাগালেণ্ডৰ লংলেং জিলাত আছাম ৰাইফলছৰ জালত এন এছ চি এন(কে) গোটৰ  দুৰ্ধৰ্ষ কেডাৰ

NSCN-K-570x320

আছাম ৰাইফলছৰ মক’ছুং বেটেলিয়নৰ এটা অভিযানকাৰী দলে নিয়মীয়া অভিযানৰ সময়ত সোমবাৰে নাগালেণ্ডৰ লংলেং জিলাৰ ভূমন্যয়ু গাঁৱৰ পৰা এন এছ চি এন(কে) গোটৰ এজন উগ্ৰপন্থী সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

বেটেলিয়নৰ দলটোৱে আটক কৰা উগ্ৰপন্থীজন এন এছ চি এন(কে) গোটৰ এজন সক্ৰিয় সদস্য হিচাপে চিনাক্ত কৰা হৈছে। এই আটকাধীন সদস্যজন ভূমন্যয়ু গাঁৱৰ বাসিন্দা ন্যাপা ফমৰ পুত্ৰ পংন্যান ফম(৪৪) বুলি চিনাক্ত কৰা হৈছে।

আটকাধীন কেডাৰজনৰ পৰা জব্দ হোৱা সামগ্ৰী

উল্লেখ্য যে উক্ত উগ্ৰপন্থীজন নিজৰ গাঁৱত বাহৰ পাতি থকা বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰি বেটেলিয়নৰ দলটোৱে অভিযান চলায় আৰু অৱশেষত দুৰ্ধৰ্ষ কেডাৰজনক আটক কৰিবলৈ সক্ষম হয়।

এন এছ চি এন(কে) গোটৰ এই সদস্য জনক আটক কৰাৰ পাছত আছাম ৰাইফলছে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে যে পংন্যান ফম যথেষ্ট সক্ৰিয় সদস্য আছিল। ফমে উক্ত গোটটোৰ হৈ ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলৰ সকলো কাম-কাজ কৰিছিল।

মনকৰিবলগীয়া যে সোমবাৰে গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী সদস্যজন ব্যক্তিগতভাৱে ২০১৬ বৰ্ষৰ এপ্ৰিলত আত্মসমৰ্পণ কৰিছিল কিন্তু পাছলৈ ২০১৭ চনত পুনৰ নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিছিল।

আটকাধীন কেডাৰজনৰ পৰা চিম কাৰ্ডৰ সৈতে এটা মোবাইল ফোন, এখন আধাৰ কাৰ্ডৰ লগতে অন্যান্য কিছু তথ্য জব্দ কৰিবলৈ সক্ষম হয় আছাম ৰাইফলছৰ অভিযানকাৰী দলটোৱে।

পাছলৈ আটকাধীন উগ্ৰপন্থী কেডাৰজনৰ লগতে জব্দ কৰা সামগ্ৰী সমূহ আছাম ৰাইফলছে গতাই দিয়ে লংলেং আৰক্ষী থানাত। বৰ্তমান লংলেং আৰক্ষীয়ে ন ন তথ্য পোহৰলৈ অনাৰ স্বাৰ্থত তদন্ত অব্যাহত ৰাখিছে।