নাগালেণ্ড নিৰ্বাচনৰ বাবে অসমৰ পৰা অধিগ্ৰহণ পাঁচ হেজাৰৰো অধিক বাহন

Representative Image

নাগালেণ্ডৰ বিধানসভা নিৰ্বাচন উপলক্ষে অসমৰ মধ্যমণি গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত দেখা দিছে ৰাজহুৱা যান-বাহনৰ নাটনি। কিয়নো চুবুৰীয়া ৰাজ্যখনৰ নিৰ্বাচন উপলক্ষে অসমৰ পৰা নিৰ্বাচন আয়োগে অধিগ্ৰহণ কৰিছে প্ৰায় পাঁচ হেজাৰৰো অধিক সৰু বৰ যান-বাহন।

উল্লেখ্য যে নাগালেণ্ড নিৰ্বাচন উপলক্ষে কেৱল গুৱাহাটীৰ পৰাই অধিগ্ৰহণ কৰা হৈছে ৩,৬০০খন সৰু-বৰ গাড়ী। ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীৰ পৰা পাঁচশখন  চিটি বাছ অধিগ্ৰহণ কৰিছে  নিৰ্বাচন আয়োগে।

অধিগ্ৰহণ কৰা বাছ সমূহৰ প্ৰায় সংখ্যকে ইতিমধ্যে বৃহস্পতিবাৰে নাগালেণ্ড অভিমুখে ৰাওনা হয়। তদুপৰি আজি বাকী থকা গাড়ী সমূহ দিনটোৰ ভিতৰত নাগালেণ্ডত উপস্থিত হ’ব। যাৰ ফলত আজিৰ পৰা প্ৰায় চিটিবাছশূন্য হৈ পৰিব গুৱাহাটীৰ ৰাজপথ।

উল্লেখ্যযোগ্য যে অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব নাগালেণ্ড বিধানসভাৰ ৬০টা সমষ্টিৰ নিৰ্বাচন। নিৰ্বাচন উপলক্ষে গুৱাহাটীৰ পৰাই চিটি বাছ, ট্ৰাক, সৰু যান-বাহন  অধিগ্ৰহণ কৰিছে।

নিৰ্বাচন আয়োগে জনোৱা অনুসৰি অহা ২৮ ফেব্ৰুৱাৰিত অধিগ্ৰহণ কৰা এই গাড়ীসমূহ মোকলাই দিব। অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা ২৮ ফেব্ৰুৱাৰি পৰ্যন্ত চিটি বাছৰ সংকটত ভুগিব মহানগৰবাসী।

আনহাতে নিৰ্বাচন আয়োগে অধিগ্ৰহণ কৰা প্ৰত্যেকখন গাড়ীৰ বিপৰীতে আগতীয়াকৈ ৯০ শতাংশ ধন আদায় দিয়া বুলি জনাইছে পৰিবহণ ব্যৱসায়ী সন্থাই।

গুৱাহাটীৰ উপৰি নামনি আৰু উজনি অসমৰ কেইবাখনো জিলাৰ পৰা নিৰ্বাচনমুখী চুবুৰীয়া ৰাজ্যখনলৈ গাড়ী অধিগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।