খ্ৰীষ্টান প্ৰধান ৰাজ্য নাগালেণ্ডত পদুম ফুলোৱাৰ লক্ষ্যৰে বিজেপিয়ে ইয়াৰ দুজন জ্যেষ্ঠ সদস্যৰ অপসাৰণৰ নিৰ্দেশ বাতিল কৰিছে।
জ্যেষ্ঠ নেতা এইচ কে খুলু আৰু আই কে চেমাৰ অপসাৰণৰ নিৰ্দেশ বাতিল কৰি নাগালেণ্ড বিজেপিৰ সভাপতি ভিচাচলি লংগুৱে দেওবাৰে গধুলি তৎকালে কাৰ্যকৰী হোৱাকৈ এক নিৰ্দেশনা জাৰি কৰে।
নাগালেণ্ড বিজেপি মিডিয়া কোষে জাৰি কৰা এক বিবৃতি অনুসৰি দলৰ হাইকমাণ্ডৰ সৈতে হোৱা আলোচনা মৰ্মে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অপসাৰণৰ নিৰ্দেশ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হয়। জানুৱাৰিত হ’ব লগা বিধানসভা নিৰ্বাচনত খুলু আৰু চেমা দুয়োজন নেতাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে।
গেৰুৱা দলটোৱে দাবী কৰে যে তৃণমূল পৰ্যায়ত সংগঠনটো শক্তিশালী কৰি তোলাৰ বাবে অন্তৰ্দলীয় কন্দল সমূহ সমাধান কৰাটোত এই সময়ত সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে। ৰাজ্যখনৰ বৰ্তমানৰ ৬০ জনীয়া বিধানসভাত বিজেপিৰ ৪ জন বিধায়ক আছে।
সভাপতি লংগুয়ে দলৰ ৰাজ্যিক, জিলা তথা মণ্ডল পৰ্যায়ৰ সকলো সদস্যকে নিজৰ মাজৰ মতভেদ এৰি ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আৰু দলৰ মাজত পুনৰ মিলনৰ প্ৰকৃত উদ্যম বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।