• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

জুবিনৰ গানৰ কেঁচা যৌৱনৰ গোন্ধ! তেজৰ টান? কোনে অস্বীকাৰ কৰিব

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
September 20, 2025 7:43 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন আৰু নাই। মাত্ৰ তিনিটা শব্দৰ এক অবিশ্বাস‍্য, অসহনীয় খবৰ। কোনে মানি ল’ব? কেনেকৈ মানি ল’ব? কালি দুপৰীয়া ভাত খাই উঠি জিৰণি লৈ থকা সময়তে শ্ৰীমতীয়ে আহি এই মৰ্মন্তুদ খবৰটো দিছিল। তেতিয়াৰে পৰা মানুহজনী চটফটাই আছে। যেন তেওঁৰ পৰিয়ালৰহে কোনোবা এজন হঠাৎ নোহোৱা হ’ল। খবৰটো শুনাৰে পৰা জুবিনৰ বাহিৰে মোৰ মনলৈও আন কোনো কথা অহা নাই। অথচ মই কোনো কালে জুবিনৰ ফেন নাছিলোঁ। সময় গৈ আছে মানে জুবিনৰ শোক গভীৰৰ পৰা গভীৰতৰ হৈ গৈ আছে, ঘনীভূত হৈ গৈ আছে। আজি জুবিন যেন অসমৰ সকলো পৰিয়ালৰে এজন! চিংগাপুৰৰ পৰা জুবিনৰ নশ্বৰদেহ আহি পালে মানুহে কি যে কৰিব! ভূপেন হাজৰিকাৰ মৃত‍্যুৰ সময়ত গুৱাহাটীত কি অৱস্থা হৈছিল সকলোৰে মনত আছে। বৰঝাৰৰ পৰা নিজৰাপাৰলৈ ৰাস্তাৰ দুয়োফালে কেৱল মানুহ আৰু মানুহ। সকলো শোকত ম্ৰিয়মান! কিন্তু ভূপেন হাজৰিকাৰ বয়স হৈছিল। ভূপেন হাজৰিকা বহু দিন নৰিয়াত পৰি আছিল। ভূপেন হাজৰিকাৰ তেনে এটা খবৰ যি কেনো মুহূৰ্ততে আহিব পাৰে বুলি আমি ভাবি আছিলোঁ। ভূপেন হাজৰিকাৰ বয়স আৰু জুবিনৰ বয়স! কিমান তফাৎ! জুবিনৰ মৃত‍্যুৰ খবৰটো অনাহূত, আকস্মিক। জুবিন কিয় ইমান জনপ্ৰিয় আছিল? যি কাৰণে ভূপেন হাজৰিকা জনপ্ৰিয় আছিল! গীত বা অভিনয়, আচলতে যি কোনো পৰিবেশ‍্য কলাৰ, বিশেষকৈ গীতৰ  আবেদন  প্ৰত‍্যক্ষ, ব‍্যক্তিগতও। গীতৰ শাহটো কি? সুৰ, স্বৰ।

বিছমিল্লা খানে যে কৈছিল ইৱে সুৰেতো হে! সুৰ সৰ্বগ্ৰামী। অতীতৰ পৰা বৰ্তমানলৈ ই চিৰ প্ৰবাহমান! ই কোনো ভৌগোলিক সীমা ৰেখা মানি নচলে। ই বতাহেৰে গতি কৰে। সেইবুলি সুৰৰ কোনো স্থানীয় পৰিচয় বা বৈশিষ্ট‍্য নাই সেইটো নহয়। সুৰ  বিশ্বজনীন আৰু একাধাৰে লোকায়ত, ঘৰৰ আৰু বাহিৰৰ এক যুগলবন্দী।  সুৰ অজৰ অমৰ, অবিনশ্বৰ। সুৰৰ ভাষাও বিশ্বজনীন। জুবিনৰ গীতে  ডেকা ল’ৰা-ছোৱালীক কিয় বলীয়া কৰে? তাৰ ব‍্যাখ‍্যা আমাৰ বয়সৰ মানুহে কৰাটো টান। যুব মানস যুৱ মানস। তেওঁলোকৰ ভাল লগা আমাৰ ভাল লগাৰে বিচাৰ কৰাটো জানো উচিত? তাতেই কোনোবাই প্ৰশ্ন কৰিব পাৰে? কি কলাৰ বিশ্বজনীন মূল‍্যায়ন আৰু ব‍্যাখ‍্যা সম্ভৱ নহয় নেকি? কিয় নহয়, হয় নিশ্চয় হয়। কিন্তু বয়সৰ, প্ৰজন্মৰ কথা এটা নাই জানো? জুবিনৰ গীতৰ জীৱন, যৌৱনে যুৱচামক যেনেকৈ আকৰ্ষণ কৰে আমাৰ বয়সৰ মানুহক তেনেকৈ নকৰে। আমাৰ কাৰণে জীৱন কঠোৰ, ৰুঢ়,খলা-বমা। কিন্তু যুৱ প্ৰজন্ম সপোনৰ প্ৰজন্ম, কল্পনাৰ প্ৰজন্ম। আজিৰ সময় কাৰ?  যুৱ প্ৰজন্মৰ নহয় জানো? নেপালত কোনে বিদ্ৰোহ কৰিছে জেন জেদে( Gen Z) এ নহয়নে? উচিত-অনুচিতৰ বিচাৰ নিশ্চয় হ’ব। কিন্তু যুৱক সকলে জুবিনক কিয় ইমান বিচাৰে? জুবিনৰ তাত তেওঁলোকে নিশ্চয়  কিবা এটা পায়।এই গীতটোৰ কলি দুটামান শুনকচোন। বাঁহী অ বাঁহী…….কি তেজ! কি গতিময় চঞ্চলতা? কি কেঁচা যৌৱনৰ গোন্ধ! তেজৰ টান? কোনে অস্বীকাৰ কৰিব!

Apply Now

মই শুনা জুবিনৰ প্ৰথম গীতটো আছিল এইটো। (https://youtu.be/jS0aWEOqpMM?si=rtF7rO7u0XT4GwFX) (এবাৰ শুনকচোন।)কি মনোমোহা গীত!  কি কথা! কি সুৰ! জুবিনৰ কন্ঠ আছিল অপূৰ্ব। জুবিনে হিন্দীত গোৱা ওৱা আলী গীতটো শুনকচোন! কি গতি! কি শীৰ্ষাৰোহন, অৱৰোহন? এটি অমৰ গীত। এবাৰ আমি  অন্বেষাৰ শিশু গ্ৰন্থমেলালৈ জুবিনক  মাতিছিলোঁ। জুবিনে নিজৰ পুথিভঁৰাল আৰু কিতাপ পঢ়াৰ বিষয়ে কৈ সকলোকে মোহিত কৰিছিল। সেয়ে আছুল জুবিনক লগত মোৰ সামান‍্য ব‍্যক্তিগত সম্পৰ্ক। জুবিনৰ গীতৰ মূল‍্যায়ন কৰিবলৈ মই এজন সংগীতজ্ঞ নহওঁ। কিন্তু এইটো সকলোৱে জানে যে প্ৰতিভাৰ লগত গণ চেতনাৰ সম্পৰ্ক ওতঃপ্ৰোত। জ‍্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা,ভূপেন হাজৰিকাৰ কথা চিন্তা কৰক! জ‍্যোতিপ্ৰসাদৰ গীতবোৰৰ প্ৰেৰণা আছিল স্বাধীনতা আন্দোলনৰ উৎসাহ, ঠিক সেই দৰে বিষ্ণুৰাভাৰ গীতৰ প্ৰেৰণা আহিছিল মানুহৰ মাজৰ পৰা, অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক মূলৰ পৰা। ভূপেন হাজৰিকা আছিল জ‍্যোতি-বিষ্ণুৰ সুযোগ‍্য উত্তৰাধিকাৰী। ভাৰতীয় গণ নাট‍্য সংঘ, হেমাংগ বিশ্বাসৰ দৰে ব‍্যক্তিৰ সান্নিধ‍্যইও ভূপেন হাজৰিকাৰ শিল্প সাধনা উজ্জীৱিত কৰিছিল। সেইকাৰণেই ভূপেন হাজৰিকাৰ আগ বয়সৰ গীতবোৰ এতিয়াও আমাৰ ইমান আপোন! কিন্তু জুবিনৰ সময় কি? জুবিনৰ সময়ৰ গণ আন্দোলন, গণচেতনা কি আছিল? একো নাছিল। জুবিনে তেওঁৰ চাৰিওফালে দেখিছিল নৈৰাজ‍্য, কেৱল নৈৰাজ‍্য! সকলো প্ৰমূল‍্যৰ অৱক্ষয়। চৌদিশে কেৱল অৱক্ষয় আৰু এক শ্বাসৰুদ্ধ স্থবিৰতা। এক বন্ধ‍্যাত্ব। জুবিন আছিল এক  দুৰ্বাৰ প্ৰতিভা। জুবিনে এই অৱক্ষয় আৰু অস্থিৰতাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল সুৰেৰে গীতেৰে, আনকি নিজৰ একাকীত্বৰে। জুবিন অস্থিৰ আছিল। জুবিনে কেতিয়াবা নিজেই নিজৰ বিৰুদ্ধেও বিদ্ৰোহ ঘোষণা কৰিছিল। এক গণ আন্দোলন আৰু গণচেতনাৰ অভাৱত জুবিনৰ সংগীত সাধনা হৈ পৰিছিল সমুদ্ৰৰ অস্থিৰ ঢৌৰ দৰে। সি লংগৰহীনভাৱে যেনে তেনে গৈছিল।

আপোনালোকৰ ভূপেন হাজৰিকাৰ শেষ বয়সৰ ছৱি এখন মনত আছেনে? সেই যে চাঙি এখনত মানুহে কান্ধত উঠাই কিবা এটা বিজ্ঞাপনৰ চুটিঙৰ বাবে  তেখেতক ক’ৰবালৈ লৈ গৈছিল! আজি জুবিনক কোনে গ্ৰাস কৰিলে? এই ফেষ্টিভেল বোৰ কাৰ? কাৰ স্বাৰ্থত কোনে পাতে এই ফেষ্টিভেল বোৰ ? চৰকাৰে কিয় অনুদান দিয়ে? তেনেহ’লে জুবিনৰ মৃত‍্যুৰ বাবে  চৰকাৰো দায়ী নহয়নে? জুবিনৰ অকাল আৰু আকস্মিক মৃত‍্যুৰ বাবে জুবিন দায়ী। কিন্তু তাৰ বাবে আমাৰ সময় আৰু আমিও সমানে দায়ী। আমি এটা প্ৰতিভাক পৰিচৰ্যা কৰিব নোৱাৰিলোঁ। আলফুলে জীয়াই ৰাখিব নোৱাৰিলোঁ।কিন্তু জুবিনৰ সুৰ, জুবিনৰ গীত, সকলো পৰম্পৰা নেওচা দিব পৰা জুবিনৰ সাহস- সদায় আমাৰ মাজত জীয়াই থাকিব। আকৌ কোনোবাই প্ৰমিথিউচৰ দৰে জুবিনৰ বহ্নিশিখা আগলৈ লৈ যাব! জুবিনৰ অস্থিৰ, বিদ্ৰোহী আত্মা আমাৰ মাজত অমৰ শিখাহৈ ৰ’ব!

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd