NORTHEAST NOW (Assamese)

নাগালেণ্ড লোকসভা উপ নিৰ্বাচন : ৭৫ শতাংশ ভোটদান

May 28, 2018 10:40 pm · ভদ্ৰ গগৈ

আজি অনুষ্ঠিত নাগালেণ্ড লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত ৰাজ্যখনৰ ৭৫ শতাংশ ভোটাৰ ৰাইজে ভোটদান কৰে। আজি পুৱা ৭ বজাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণ বিয়লি ৪ বজাত সামৰণি পৰে।

দুই এটা সৰু-সুৰা অপ্ৰীতিকৰ ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ যোৱা উক্ত নিৰ্বাচনটোক কেন্দ্ৰ কৰি ৰাজ্যখনত প্ৰায় ২০,০০০ নিৰাপত্তা কৰ্মী নিয়োগ কৰা হৈছিল।

উপ নিৰ্বাচনটোত শাসনাধিস্থ পি ডি এই ইয়াৰ প্ৰধান মিত্ৰজোঁট এন ডি পি পিৰ সদস্য তথা প্ৰাক্তন মন্ত্ৰী টোখেহো য়েপঠোমিক প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বিপৰীতে বিৰোধী দল এন পি এফে প্ৰাক্তন সংসদীয় সচিবক প্ৰাৰ্থিত্ব আগবঢ়াই।

উল্লেখযোগ্য যে ডিমাপুৰৰ পুৰণা বজাৰৰ ৩৫ নং ভোট কেন্দ্ৰৰ লগতে মোকোকচুং জিলাৰ অন্তৰ্গত কুবজাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ই ভি এম মেচিন ক্ষতিসাধনৰ খবৰ পোৱা গৈছে।

২১৯৬ ভোটকেন্দ্ৰত অনুষ্ঠিত আজিৰ এই উপ নিৰ্বাচনটোত সৰ্বমুঠ ১১,৯৭,৪৩৬ গৰাকী ভোটাৰৰ ভিতৰত ৬,০৭,৫৮৯ গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে ৫,৮৯,৮৪৭ গৰাকী মহিলা ভোটাৰ আছিল। মন কৰিবলগীয়া যে নিৰ্বাচনটোত কেৱল মহিলা ভোটাৰৰ বাবে ২৫৩ ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল।

ইয়াৰ উপৰিও নিৰ্বাচনটোত আটাইকেইটা ভোটকেন্দ্ৰ মিলাই সৰ্বমুঠ ৩১৯৬ টা ই ভি এম আৰু ৩০৭৫ টা ভি ভি পি এ টি মেচিন ব্যৱহাৰ কৰা হৈছিল।

Related News