• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম-নাগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি: চিআৰপিএফক চোকা অস্ত্ৰৰে আক্ৰমণ নগাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2026 5:02 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-নাগালেণ্ড সীমান্তত পুনৰ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত চেইনপুৰ (নগাৰ মতে ৰালান বস্তি) অঞ্চলত দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী বিবাদক কেন্দ্ৰ কৰি দেওবাৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ওপৰত নগা আক্ৰমণে সীমান্তৰ জনসাধাৰণৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, চেইনপুৰত পূৰ্বতে নগাই নিৰ্মাণ কৰা এটা পেট্ৰ’ল পাম্প দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ হস্তক্ষেপত বন্ধ কৰি থোৱা হৈছিল। কিন্তু শেহতীয়াকৈ অসম চৰকাৰ তথা সৰুপথাৰ সমজিলাৰ সীমান্ত দণ্ডাধীশৰ কোনো অনুমতি নোলোৱাকৈয়ে নগাই উক্ত পেট্ৰ’ল পাম্পটো পুনৰ মুকলি কৰে। এই খবৰ পোৱাৰ পাছত চিআৰপিএফৰ এটা দলে পাম্পটো বন্ধ কৰিবলৈ গৈছিল।

Apply Now

চিআৰপিএফে বাধা প্ৰদান কৰিবলৈ যোৱাৰ সময়তে স্থানীয় নগা লোকসকলে দা, লাঠি, চোকা অস্ত্ৰ আৰু কেটেপা লৈ অৰ্ধসামৰিক বাহিনীটোৰ ওপৰত জপিয়াই পৰে। আগ্ৰাসী নগাৰ যুদ্ধংদেহী ৰূপৰ সন্মুখত সশস্ত্ৰ চিআৰপিএফ বাহিনী দুখোজ পিছুৱাবলৈ বাধ্য হয়। হাতত আধুনিক অস্ত্ৰ থকাৰ পাছতো উগ্ৰ নগা লোকসকলৰ আক্ৰমণাত্মক স্থিতিৰ বাবে বাহিনীটোৱে অসহায়বোধ কৰা পৰিলক্ষিত হয়।

এই সন্দৰ্ভত সৰুপথাৰ সমজিলা চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত বৰাই চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে। তেওঁ কয়, “পূৰ্বতে বন্ধ কৰি দিয়া পেট্ৰ’ল পাম্পটো নগাই জোৰ-জুলুমকৈ মুকলি কৰিছে। সশস্ত্ৰ চিআৰপিএফক যদি নগাই এইদৰে দমন কৰিব পাৰে, তেন্তে সীমান্তত বসবাস কৰা সাধাৰণ অসমীয়া জনতাৰ সুৰক্ষা ক’ত? কিছুদিন পূৰ্বে চুঙাজানত নগাই গেট স্থাপন কৰিছিল, এতিয়া চেইনপুৰত এই কাণ্ড সংঘটিত কৰিছে।” তেওঁ সীমান্তবাসীৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায়।

সীমান্তৰ এই জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী অতুল বৰাৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে চুতীয়া ছাত্ৰ সন্থাই। ছাত্ৰ নেতাগৰাকীয়ে অভিযোগ কৰে যে নিজৰ জিলাৰে মন্ত্ৰী হোৱাৰ পাছতো বিগত পাঁচ বছৰে তেওঁ এবাৰো সীমান্তলৈ আহি ৰাইজৰ খবৰ লোৱা নাই। মন্ত্ৰীগৰাকীয়ে কেৱল নিজৰ পদবী সুৰক্ষিত কৰাতহে ব্যস্ত বুলি কটাক্ষ কৰি তেওঁক স্বেচ্ছাই পদত্যাগ কৰিবলৈ দাবী জনাইছে। লগতে সকীয়াই দিয়ে যে, পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে সীমান্তলৈ আহিলে ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

August 11, 2026 1:44 pm
বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

August 11, 2026 1:31 pm
বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

August 11, 2026 1:22 pm
অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

August 11, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

August 11, 2026 1:44 pm
বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

August 11, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd