NORTHEAST NOW (Assamese)

নাগা চুক্তিক ৰাজহুৱা কৰাৰ দাবীত আমগুৰিত প্ৰতিবাদী জোঁৰ সমদল

December 14, 2017 7:22 pm · ৰাজীৱ দত্ত

ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল জুৰি নাগা ফ্ৰেমৱৰ্ক চুক্তিক লৈ উত্তপ্ত হৈ থকাৰ মাজতে বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক প্ৰতিবাদী সমদল বাহিৰ কৰে। শিৱসাগৰ জিলাৰ আমগুৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতিয়ে উলিওৱা প্ৰতিবাদী জোঁৰ সমদলত ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই এম)ৰ মাজত স্ৱাক্ষৰিত নাগা ফ্ৰেমৱৰ্ক এগ্ৰীমেণ্ট ৰাজহুৱা কৰা আৰু সীমান্তবাসী ৰাইজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমগুৰি আঞ্চলিক তথা
টাউন কমিটিৰ সম্পাদকদ্বয় ক্ৰমে মিথু দত্ত আৰু দাদুল নেওগৰ নেতৃত্বত উক্ত প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰা হয়। কেন্দ্ৰীয় চৰকাৰে নাগা ফ্ৰেমৱৰ্ক চুক্তিক অন্ধকাৰত ৰখা কথাটো সংগঠনটোৱে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

Related News