নাগ্রীজুলিৰ ডোঙৰগাঁৱত লোমহৰ্ষক  হত্যকাণ্ড : এজনক আটক

IMG-20180724-WA0136

হত্যাকাৰী চামু হেম্বৰম

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্রীজুলি আৰক্ষী চকীৰ অধীনৰ ১ নং ডোঙৰগাঁৱত কালি  দুপৰীয়া প্ৰায় ১২.৩০ বজাত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল। এই হত্যাকাণ্ডই সমগ্ৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ লগতে বাক্সা জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কালিৰ এই হত্যাকাণ্ডৰ ঘটনাত ১নং ডোঙৰগাঁওৰ চিকৰ হেম্বৰমৰ পুত্ৰ চামু হেম্বৰম (৩৫)  নামৰ লোক এজনে চোকা অস্ত্ৰৰ আঘাত কৰি একে গাঁৱৰে ধোমা কিচকু (৬৫) নামৰ কাবিৰাজ এজনক হত্যা কৰে।

ঘটনাৰ বিবৰণি অনুসৰি, নাগ্ৰীজুলীৰ ১নং ডোঙৰগাঁও নিবাসী ধোমা কিচকু এজন গাঁৱলীয়া কাবিৰাজ। নাগ্রীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিখিল সিংহই সংবাদ নাধ্যমৰ আগত প্ৰকাশ কৰা মতে ধোমা নামৰ কবিৰাজ জনে গাঁওৰ বিভিন্ন লোকক বিভিন্ন বেমাৰৰ চিকিৎসা কৰি আৰোগ্য কৰে যদিও চামুৰ কণমানি পুত্ৰজনক চিকিৎসা কৰি আৰোগ্য কৰিব পৰা নাছিল।

আজি দিনৰ ভাগত কাবিৰাজ ধোমা আৰু চামুয়ে লগ লাগি চামুৰ ঘৰত একেলগে সুৰাপান কৰিছিল। সুৰা পান কৰি থকাৰ মাজতে চামুৰ পুত্ৰক কিয় কাবিৰাজ ধোমাই আৰোগ্য কৰিব পৰা নাছিল সেই কথাক লৈ দুয়োৰে মাজত প্ৰথমে তৰ্ক-বিতৰ্কৰ সূত্ৰপাত ঘটিছিল আৰু তাৰ পৰাই দুয়োৰে মাজত  কাজিয়াৰ সূত্ৰপাত ঘটিছিল। আৰু এটা সময়ত কাজিয়াই তীব্ৰৰূপ ধাৰণ কৰিছিল। কাজিয়াৰ ফলত হিতাহিত জ্ঞান হেৰুৱাই  চামুয়ে খঙত অগ্নিশর্মা হৈ ধোমাক চোকা দাৰে ঘপিয়ায় আৰু কোৰেৰেও আক্ৰমণ কৰে।

চামুৰ চোকা অস্ত্ৰৰ আক্ৰমণত ধোমা গুৰুতৰ ভাবে আহত হয় আৰু  থিতাতে নিহত হয়। কালি সন্ধিয়া ৬ বজাত গাঁওৰ লোকে হত্যাকাণ্ড সন্দৰ্ভত নাগ্রীজুলি আৰক্ষী চকীত খবৰ দিয়ে। খবৰ লাভ কৰি নাগ্রীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল সিংহৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে ঘটনাস্থলীত উপস্থিত হয় আৰু ধোমাৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত দা আৰু কোৰখন জব্দ কৰে আৰু নিশা ৯.০০ বজাত মৃতদেহটো উদ্ধাৰ কৰি নাগ্রীজুলি আৰক্ষী চকীলৈ লৈ আনে। ঘটনাৰ লগত জড়িত চামু হেম্বৰমক আৰক্ষীয়ে আটক কৰি নাগ্রীজুলি আৰক্ষী চকীলৈ লৈ আনে।

আজি পুৱা ধোমাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। অধিক তথ্যৰ বাবে তেওঁক জেৰা কৰা হৈছে।