নাগৰিকত্ব প্ৰমাণৰ বাবে হাবাথুৰি খাইছে অসমৰ এগৰাকী খিলঞ্জীয়া মুছলমান মহিলাই

rehena-pic-edited-570x320

উজনি অসমৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানীৰ ৰেহেনা ইছলাম নামৰখিলঞ্জীয়া মুছলমান মহিলা এগৰাকীক বিদেশী হিচাপে চিহ্নিত কৰাত মহিলাগৰাকী সম্পূৰ্ণ ভাগি পৰিছে। এবছৰ পূৰ্বে বিদেশী ন্যায়াধিকৰণে মহিলাগৰাকীক বিদেশী হিচাপে ঘোষণা কৰাৰ পাছত তেওঁ বিগত এবছৰ ধৰি চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ঘূৰি ভাগৰি পৰিছে।

এগৰাকী খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ অন্তৰ্গত ৰেহেনাই বিদেশী ন্যায়াধিকৰণৰ পৰা জাননী লাভ কৰাৰ পাছত এটা বিধ্বস্ত জীৱন জাপন কৰি আহিছে।

টাইমছ অব ইণ্ডিয়াক দিয়া এটা সাক্ষাৎকাৰত ৰেহেনাই কৈছে, ‘‘জাননীখনত ৰেহেনা বেগমৰ নাম উল্লেখ কৰা আছে, কিন্তু মই ৰেহেনা ইছলামহে। কেনেদৰে ৰেহেনা বেগম আৰু ৰেহেনা ইছলাম একে হ’ব পাৰে? তথাপিও আৰক্ষীৰ লোক আহি মোৰ দুৱাৰত খটখটাই আৰু জোৰকৈ মোক বিদেশী প্ৰতিপন্ন কৰিব বিচাৰে।

প্ৰতিৱেদনটোত ৰেহেনাৰ উদ্ধৃতিৰে আৰু কোৱা হৈছে, ‘‘মই খিলঞ্জীয়া মুছলমান। মই কেনেকৈ বিদেশী? বিগত বছৰৰ পৰা মই এটা অতি কঠিন সময় অতিবাহিত কৰি আহিছোঁ আৰু বিদেশী ঘোষিত মানুহগৰাকী যে মই নহয়, তাকে প্ৰমা: কৰাৰ বাবে আইনী বিকল্পৰ সন্ধান কৰি আহিছোঁ। দৰাচলতে, মোৰ কোনো ভুল নথকা স্বত্তেও মই শাস্তি ভুগি আছোঁ।’’

ৰেহানাই তেওঁৰ পতি আব্দুল ছালিমৰ লেখাপানীত থকা ব্যৱসায়ত সহায় কৰে। ম্ৰিয়মান হৈ পৰা ৰেহেনাই কৈছে যে বিদেশী ন্যায়াধিকৰণখনে ৰেহেনা বেগমক ২০০৫ চনত বিদেশী বুলি ঘোষণা কৰিছিল কিন্তু তেওঁ ২০১৭ৰ ৭ ছেপ্টেম্বৰত ৰেহেনা বেগমৰ নামত জাননীখন লাভ কৰিছিল। আৰু তাৰ পাছতেই তেওঁৰ মাজেৰে এটা বিপৰ্যস্ত সময় পাৰ হৈ গৈছিল।

প্রণিধানযোগ্য যে ২০১০ চনৰ ভোটাৰ তালিকাত ৰেহেনা ইছলামৰ ক্ৰমিক নম্বৰ আছিল ৩০২ আনহাতে ‘ডি’ ভোটাৰ হিচাপে চিহ্নিত ৰেহেনা বেগমৰ ক্ৰমিক সংখ্যা ৩০৪।

তেওঁ দুখেৰে কয়, ‘‘মোৰ নামটো ‘ডি’ ভোটাৰ তালিকাত চিহ্নিত হোৱা নাছিল যি ক্ষেত্ৰত ৰেহেনা বেগমৰ নামটো ‘ডি’ ভোটাৰৰ তালিকাভুক্ত আছিল। মোৰ জন্মস্থান উত্তৰ লখিমপুৰৰ বিদ্যালয়ৰ প্ৰমাণপত্ৰত জন্মৰ তাৰিখ ১৯৭০ৰ ১ নৱেম্বৰ বুলি আছে। তেতিয়া কোনো বিদেশীৰ প্ৰশ্নৰ উদয় হোৱা নাছিল।

ৰেহেনাই আঙুলিয়াই দিছে যে এটা সন্মানীয় আৰু সচ্চল পৰিয়ালৰ লোক হোৱা স্বত্তেও নিজৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ বাবে যি দৰে তেওঁ আকাশ পাতাল একাকাৰ কৰিবলগীয়া হৈছে, সেই ক্ষেত্ৰত নিৰীহ দুখীয়া শ্ৰেণীটোৰ কি অৱস্থা হ’ব, সেই কথা সহজেই অনুমেয় কাৰণ এই দুখীয়া শ্ৰেণীটোৰ মাজতেই গৰিষ্ঠ সংখ্যক ‘ডি’ ভোটাৰ আছে।

তেওঁ আৰু কৈছে যে বিদেশী হিচাপে ঘোষিত হোৱাৰ ফলত তেওঁৰ সামাজিক মৰ্যাদাত আঘাত পৰিছে।

তিনিটা সন্তানৰ মাতৃ ৰেহেনাই শোকত ভাঙি পৰি কৈছে, ‘‘এখন চহকী ঘৰৰ হিচাপে সমাজত মোৰ এটা খ্যাতি আছে, কিন্তু মোৰ গাত লগা বিদেশী মাৰ্কাটোৱে মোক মানুহৰ মাজত হেয় কৰি তুলিছে আৰু মই খিলঞ্জীয়া হোৱা সত্তেও লোকে এতিয়া মোলৈ অন্য দৃষ্টিৰে চায়। মই বৰ্তমান একেবাৰে ভাঙি পৰিছোঋ যদিও মোৰ স্বামীয়ে সকলোখিনি ঠিক হ’ব মোক আশা যোগাই আহিছে।’’

এই ক্ষেত্ৰত ৰেহেনাই একমাত্ৰ উদাহৰণ নহয়। অসমত এনে বহুতো নাগৰিক আছে, যি সকলে নিজকে অসমৰ খিলঞ্জীয়া বুলি নিশ্চিত কৰিছে কিন্তু তেওঁলোকক ‘ডি’ ভোটাৰ বুলি মাৰ্কা মাৰা হৈছে।