NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে ৰুদ্ৰসাগৰ আৰু গৌৰীসাগৰত জোঁৰ সমদল অঃ জাঃ যুঃ ছাঃ পৰিষদৰ

June 1, 2018 11:18 pm · ৰাজীৱ দত্ত

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰুদ্ৰসাগৰ আৰু গৌৰীসাগৰ আঞ্চলিক সমিতিয়ে আজি ১জুনত নিজ নিজ অঞ্চলত প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে।

শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত ৰুদ্ৰসাগৰ আঞ্চলিক সমিতিয়ে বলীয়াঘাটত জোঁৰ সমদল কৰাৰ বিপৰীতে গৌৰীসাগৰ আঞ্চলিক সমিতিয়ে গৌৰীসাগৰ অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে।

দুয়োখন আঞ্চলিক সমিতিৰ সদস্যসকলে হাতে হাতে জোঁৰ লৈ ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’, ‘সৰ্বানন্দ সোণোৱাল চৰকাৰ হুঁচিয়াৰ’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী জোঁৰ সমদল দুটাত দুয়োখন আঞ্চলিক সমিতিৰ নেতৃত্বৰ উপৰি জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি দাস, উপ সভাপতি প্ৰাঞ্জল শৰ্মা, উপদেষ্টা দুলাল গগৈ আৰু সাংগঠনিক সম্পাদকদ্বয় ক্ৰমে প্ৰয়াস গোস্বামী আৰু বিশ্বজিৎ দাসে অংশগ্ৰহণ কৰে।

Related News