নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে ২৯ জুনত লতাশিলত আছুসহ ২৮ জনগোষ্ঠীয় সংগঠনৰ সত্যাগ্ৰহ

ATTACHMENT

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ শীঘ্রে বাতিল কৰাৰ দাবীত সদৌ অসম ছাত্র সন্থা আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে অহা ২৯ জুনত দিনৰ ১১ বজাৰ পৰা গুৱাহাটীৰ লতাশিল খেলপথাৰত গণ সত্যাগ্রহৰ আয়োজন কৰিছে৷ বিতৰ্কিত বিধেয়কখন প্রত্যাহাৰ নকৰা বাবে আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে এই গণ সত্যাগ্রহৰ কার্যসূচী হাতত লৈছে বুলি প্ৰকাশ কৰিছে আছুৰ নেতৃবৃন্দই৷

উল্লেখযোগ্য যে মহানগৰীৰ লতাশিল খেলপথাৰত হ’বলগীয়া এই সত্যাগ্রহলৈ সকলো দল- সংগঠন- ব্যক্তি আৰু সামাজিক- সাংস্কৃতিক অনুষ্ঠান-প্রতিষ্ঠানক মাৰবান্ধি ওলাই আহিবলৈ আয়োজক সংগঠনকেইটাই আহ্বান জনাইছে৷

সদৌ অসম ছাত্র সন্থা, সদৌ অসম ট্রাইবেল সংঘ, নিখিল বড়ো ছাত্র সন্থা, মিচিং মিমাগ কেবাং, নিখিল ৰাভা ছাত্র সন্থা, সদৌ মিচিং ছাত্র সন্থা (টি এম পি কে), সদৌ টাই আহোম ছাত্র সন্থা, সদৌ তিৱা ছাত্র সন্থা, সদৌ মৰাণ ছাত্র সন্থা, সদৌ অসম মটক যুৱ-ছাত্র সন্মিলন, সদৌ কোচ-ৰাজবংশী ছাত্র সন্থা, সদৌ ডিমাচা ছাত্র সন্থা, কার্বি ছাত্র সন্থা (কার্বি আংলং), সদৌ অসম আদিবাসী ছাত্র সন্থা, সদৌ অসম ট্রাইবেল যুৱ লীগ, সদৌ অসম চুতীয়া ছাত্র সন্থা, সদৌ অসম গোর্খা ছাত্র সন্থা, তিৱা যুৱ-ছাত্র সন্থা, সদৌ অসম শৰণীয়া কছাৰী ছাত্র সন্থা, সদৌ অসম মদাহী ছাত্র সন্থা, কার্বি ছাত্র সন্থা (KSU), N C Hills Indigenous Students’ Forum, সদৌ অসম কার্বি ছাত্র সন্থা, সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, সদৌ ভাৰত কার্বি ছাত্র সন্থা, মেচ কছাৰী জাতীয় পৰিষদ আৰু সদৌ অসম হাজং ছাত্র সন্থাই এই আহবান জনায়।

সংগঠনকেইটাই কয় যে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ কেন্দ্রীয় চৰকাৰে জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দি অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব নিঃশেষ কৰিব বিচাৰিছে৷ এয়া মানি লোৱা নহ’ব৷ আজি দুবছৰে ৰাজ্যখনৰ চুকে-কোণে বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতাৰ কার্যসূচী ৰাইজে হাতত লৈছে৷ ইয়াৰ পাছতো কেন্দ্রীয় চৰকাৰে বিলখন সন্দৰ্ভত স্থিতি সলনি কৰা নাই৷

উল্লেখযোগ্য যে সদৌ অসম ছাত্র সন্থা আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে বিধেয়কখন অতি শীঘ্রে বাতিল কৰিবলৈ দাবী জনাইছে৷

আনহাতে আছুই ‘অসম চুক্তি’ মর্মে অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকবচ প্রদান, ভাৰত-বাংলাদেশ সীমান্ত যুদ্ধকালীনভাৱে ছীল, জনজাতীয় বেল্ট, ব্লক, বনাঞ্চল, চৰকাৰী মাটি, সত্রৰ মাটিৰ পৰা অবৈধ বাংলাদেশীক উচ্ছেদ কৰিব লাগিব বুলি চৰকাৰক দাবী জনাইছে।