নাগৰিকত্ব বিধেয়ক, এনআৰচিকে ধৰি জাতীয় সমস্যাৰ ক্ষেত্ৰত ঐক্যবদ্ধভাৱে আগবঢ়াৰ সিদ্ধান্ত আছু-সাহিত্য সভাৰ

10-05-18 Shillong- JPC Citizen Amendment Bill (5)

বৃহস্পতিবাৰে সন্ধিয়া অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনত অসম সাহিত্য সভা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ শীৰ্ষস্তৰীয় বিষয়ববীয়াই অসমৰ সাম্প্ৰতিক পৰিস্থিতি আৰু বিশেষকৈ নাগৰিকত্ব বিধেয়ক সম্বন্ধে এখন গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

উক্ত আলোচনাত আছু আৰু অসম সাহিত্য সভাই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল, শুদ্ধ এনআৰচি তালিকা প্ৰকাশ তথা জাতীয় সমস্যাৰ ক্ষেত্ৰত ঐক্যবদ্ধ আন্দোলন তথা প্ৰতিবাদ কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে অহা ২৭ মে’ৰ পুৱা ১০ বজাত গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম সাহিত্য সভাই এক জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰিব বুলি কালিৰ সভাত সিদ্ধান্ত লয়। য’ত সভাই সকলো জাতীয় দল-সংগঠন আৰু খিলঞ্জীয়া অসমপ্ৰেমীৰ উপস্থিতি কামনা কৰিছে।

আনহাতে বৈঠকৰ পৰৱৰ্তী পৰ্যায় অহা ২৪ মে’ত অনুষ্ঠিত হ’ব বুলি সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়ে।

কালি অনুষ্ঠিত হোৱা বৈঠকত অসম সাহিত্য সভাৰ তৰফৰ পৰা সভাপতি ড০ পৰমানন্দ ৰাজবংশী, প্ৰধান সম্পাদক পদুম ৰাজখোৱা, ধনভঁৰালী কনক কুমাৰ বৰা, মুখ্য সম্পাদক হৃদয়ানন্দ গগৈ, ড০ বলেন্দ্ৰ কুমাৰ দাস আদি বিষয়ববীয়াৰ সৈতে এনআৰচি, নাগৰিকত্ব বিধেয়ক আদি তাৎপৰ্যপূৰ্ণ বিষয়ত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, উপ-সভাপতি বিপুল ৰাভা আৰু সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈৰ সৈতে উক্ত বিষয় দুটা সম্পৰ্কত পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেই সম্পৰ্কে আলোচনা কৰে।