নাগৰিকত্ব বিধেয়ক পাছ হ’লে বেলেগ ৰূপ ল’ম বোলা জুবিনে শীঘ্ৰেই শিকিব বক্সিং

Zubeen Garg

বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক গৃহীত হ’লে ‘বেলেগ হ’ব যুদ্ধ। পাছ হ’লে আকৌ বেলেগ ৰূপ ল’ম’ বুলি যুদ্ধংদেহি ৰূপ লোৱা জুবিন ( Zubeen )এ অতি শীঘ্ৰে শিকিব বক্সিং।

‘প্ৰথম যুদ্ধ কৰা মানুহটো ময়ে হ’ম’ বুলি শেহতীয়াকৈ ঘোষণা কৰা জুবিনৰ এই বক্সিং শিকণে যুদ্ধত সহায় কৰে নে নকৰে পিছৰ কথা হ’লেও গাৰ্গে শীঘ্ৰে বক্সিং শিকাৰ কাৰণ বেলেগ। অসমৰ সদ্যপ্ৰয়াত চিনে’মা নিৰ্মাতা মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাই নিৰ্মাণ কৰিবলৈ লোৱা ‘কিং’ নামৰ চিনে’মাখনৰ মুখ্য ভূমিকাত এগৰাকী লাইট-ৱে’ইট বক্সাৰৰ ৰূপত অভিনয় কৰিব জুবিনে।

চিনে’মাখনৰ বাবে ৮ কেজি ওজন বঢ়াব লাগিব বুলি সদৰী কৰি জুবিনে জানিবলৈ দিছে যে খুব সোনকালে তেওঁ বক্সিঙৰ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰিব।

অহা বছৰৰ জানুৱাৰিৰ পৰা শ্বুটিং হ’ব লগা চিনে’মাখনৰ পৰিকল্পনা যোৱা বছৰৰে যদিও শেহতীয়াকৈহে জুবিনে এই বিষয়ে মুখ খুলিছে।

জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গ শইকীয়াৰ ‘ICreations’ নামৰ প্ৰযোজনা সংস্থাৰ বেনাৰত নিৰ্মাণ হ’ব লগা চিনে’মাখনৰ কাহিনীও জুবিনৰে।

অসমীয়া এক্সন চিনে’মাৰ অভাৱৰ কথা উল্লেখ কৰি গাৰ্গে এই নতুন চিনে’মাখনে সেই অভাৱ দূৰ কৰিব বুলি আশা কৰিছে।