NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়ক প্ৰত্যাহাৰৰ দাবীত ৰহাৰ জাগীয়ালত অগপৰ গণ স্বাক্ষৰ অভিযান

June 4, 2018 10:56 pm · মিণ্টু দাস

যি সময়ত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে স্থিতি গ্ৰহণ কৰাৰ লগতে বিভিন্ন নেতা-কৰ্মীয়ে বিভ্ৰান্তিকৰ মন্তব্য প্ৰদান কৰিছে, সেই সময়তে মিত্ৰজোঁ‌ট চৰকাৰখনৰ অন্যতম অংশীদাৰ অগপই বিধেয়কখনৰ বিৰূদ্ধে বিপৰীত স্থিতি গ্ৰহণ কৰিছে।

এই প্ৰতিবাদৰ অংশ হিচাপে আজি অগপৰ নগাঁও জিলাৰ ৰহা সমষ্টিৰ জাগীয়াল জিলা পৰিষদ সমিতিৰ উদ্যোগত জাগীয়ালত ৰূপায়ন কৰা হয় এক বিশাল গণ স্বাক্ষৰ কাৰ্যসূচী আৰু প্ৰতিবাদী সভা।

দিনযোৰা কাৰ্যসূচীৰে জাগীয়ালত অনুষ্ঠিত হোৱা গণ স্বাক্ষৰ অভিযান কাৰ্যসূচীত অগপ দলৰ কেইবা শতাধিক কৰ্মীৰ উপৰি বিভিন্ন শ্ৰেণীৰ সহস্ৰাধিক লোকে স্বতঃস্ফূৰ্তভাৱে সহযোগ কৰি বিধেয়কখনৰ বিৰুদ্ধে স্বাক্ষৰ প্ৰদান কৰে।

গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী আনুষ্ঠিকভাৱে শুভাৰম্ভ কৰে অগপৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদ্ম গোস্বামীয়ে।

এই গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী চলি থকাৰ সমান্তৰালভাৱে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয়। অগপ নেতা নাৰায়ণ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাস, অগপ জিলা সভাপতি অতুল মেধি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সুজিত দাস, জীৱন শইকীয়া, চন্দ্ৰ দাস, মহেন্দ্ৰ বৰুৱা, হৰেন বৰাকে ধৰি বহু কেইজন লোক উপস্থিত থাকি জাতিধ্বংসী বিধেয়কখন গৃহীত হ’বলৈ দিয়া নহ’ব বুলি সকিয়াই দিয়ে।

উল্লেখযোগ্য যে, ৰহা সমষ্টিটোৰ ২৮ খন আঞ্চলিকতে অগপ দলৰ এই গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী চলি আছে।

Related News