বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা ‘পথিকৃত’ৰ উদ্যোগত আৰু ডিমৌ কণিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত ডিমৌ কণিষ্ঠ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ সৈতে এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানৰ আৰম্ভনিতে প্ৰথমে ঐতিহাসিক থাওৰা দ’ল প্ৰাংগনত এক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়।
মত-বিনিময় অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে যাদৱ পায়েঙৰ সৈতে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত মত-বিনিময় কৰে।
প্ৰকৃতিৰ মূল উৎস গছ-গছনি তথা অৰণ্যসমূহ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণৰ ওপৰত তেওঁ মুখ্য মন্ত্ৰীৰ সৈতে এক আলোচনাত বহিব বুলি জানিবলৈ দিয়াৰ উপৰিও ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বনানীকৰণৰ বাবে চৰকাৰক অভিলাষী আঁচনি ৰূপায়নৰ আহ্বান জনায়।
আনহাতে উক্ত অনুষ্ঠানতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিমৌৰ পৰা অসমৰ ভিতৰত স্থান প্ৰাপ্ত ছাত্ৰ ক্ৰমে গুঞ্জানন বৰুৱা আৰু ৰমীন গগৈৰ লগতে আন আন মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।
আজিৰ তাৰিখত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সম্পৰ্কীয় জ্ঞান তথা সজাগতা অনাৰ উদ্দেশ্যেৰে এই বিশেষ অনুষ্ঠানটি আয়োজন কৰা বুলি উদ্যোক্তা সংস্থা ‘পথিকৃত’ৰ সভাপতি জালালুদ্দিন আহমেদ আৰু সম্পাদক নিয়ৰ গগৈয়ে জানিবলৈ দিয়ে।
ডিমৌৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে ডিমৌৰ বহুকেইটা সংগঠনৰ বিষয়ববীয়াসকলে অংশ গ্ৰহণ কৰা এই অনুষ্ঠানত ডিমৌ কণিষ্ঠ মহাবিদ্যালয়খনৰ চৌহদত এটি সোণাৰু পুলি ৰোপন কৰি অৰণ্য মানৱ যাদৱ পায়েঙে সকলোকে প্ৰকৃতিক সেউজীয়া কৰি ৰখাৰ আহ্বান জনায়।