NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়ক বাতিলৰ লগতে কেইবাটাও দাবীত পাঠশালাত আছুৰ ৩০ ঘণ্টীয়া অনশন ধৰ্মঘট

May 27, 2018 7:13 pm · শশাংক তালুকদাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰা, অসম চুক্তি ৰূপায়ন কৰা, অসম চুক্তিৰ আধাৰত সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰা, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা আৰু ভাৰত-বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ পাঠশালা আঞ্চলিক সমিতিয়ে কালি পুৱা ৬ বজাৰ পৰা আজি দিনৰ ১২:৩০ বজালৈ এক ৩০ ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

পাঠশালা নগৰৰ শৰিমন্দিৰৰ চৌহদত থকা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মোখত অনুষ্ঠিত উক্ত ধৰ্মঘটৰ প্ৰতি অঞ্চলটোৰ স্থানীয় লোকৰ লগতে বিভিন্ন দল-সংগঠনে সহাৰি আগবঢ়োৱা দেখা যায়।

বজালী মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা অৰূপজ্যোতি দাসে আঁত ধৰা অনুষ্ঠানটোত সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমুদ্ৰ পাটগিৰি, প্ৰাক্তন আছু কৰ্মী প্ৰেমানন্দ কাকতি, দিলীপ বৰুৱা, অগপৰ বজালী জিলা সমিতিৰ সম্পাদক জিন্তু চৌধুৰী, অসম উন্নতি সভাৰ সম্পাদক চানক্য দাস, সমাজকৰ্মী গগণ চৌধুৰী, পাঠশালা ৰিক্সা-থেলা চালক সন্থাৰ সম্পাদককে ধৰি বহু কেইগৰাকীয়ে বক্তব্য প্ৰদান কৰে।

উক্ত অনশনত পাঠশালা প্ৰেছ ক্লাব আৰু প্ৰেছ গীল্ড সদস্যও উপস্থিত থাকি তেওঁলোকৰ সমৰ্থন আগবঢ়ায়।

Related News