NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত ডিমৌত আছুৰ গণ বিক্ষোভ; সহস্ৰাধিক লোকৰ অংশ গ্ৰহণ

May 28, 2018 5:48 pm · হিতোজ্বল চেতিয়া

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি উত্তাল হৈ পৰে ডিমৌ চহৰ। পুৱা ১১ বজাৰ পৰা শিৱসাগৰ জিলাৰ ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, অসম চুক্তি দফাই দফাই ৰূপায়ণ কৰা, ভাৰত-বাংলা সীমান্ত অতি শীঘ্ৰে ছীল কৰা, সাংবিধানিক ৰক্ষাকবচ প্ৰদান কৰা আৰু ভাৰত- বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পাদন কৰা আদি বহুকেইটা দাবী লৈ এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰতিবাদকাৰী সকলে এক বৃহৎ সমদলো উলিয়াই। ডিমৌ ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ কৰা সমদলটোত ২ সহস্ৰাধিকৰো অধিক লোকে অংশ গ্ৰহণ কৰে।

ডিমৌ চাৰিআলিৰ মাজমজিয়াত অংশগ্ৰহণকাৰী প্ৰতিবাদী ৰাইজে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’,’ হিন্দু বাংলাদেশী গ’ বেক’, ‘ধৰ্মৰ নামত নাগৰিকত্ব দিয়া নহ’ব’, ‘জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ’, ‘বিজেপি চৰকাৰ হায়-হায়’ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ-বতাহ উত্তাল কৰি তোলে।

ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা উক্ত গণ বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ জিলা ছাত্র সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য তথা ডিমৌ আঞ্চলিকৰ উপদেষ্টা আদিত‍্য শৰ্মা, ডিমৌ আঞ্চলিকৰ সভাপতি সম্পাদক, ডিমৌ কৰ্মচাৰী পৰিষদৰ সভাপতি সম্পাদক, শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি প্ৰমোদ গোস্বামীকে ধৰি বহু কেইজন বিশিষ্ট ব‍্যক্তি উপস্থিত থাকে।

ইয়াৰ উপৰি বিক্ষোভ কাৰ্যসূচীত বিভিন্ন দল-সংগঠনৰ নেতা কৰ্মীৰ উপৰিও সচেতন ৰাইজৰ লগতে সহস্ৰাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰি বিধেয়কখন প্ৰত্যাহাৰৰ তীব্ৰ দাবী তোলে।

Related News