নাগৰিকত্ব বিধেয়ক : ‘শংখনাদ’ নহয়, সৎসাহস দেখুৱাই চৰকাৰ এৰক অগপই, আহ্বান প্ৰদ্যুৎ বৰদলৈৰ

Congress leader Pradyut Bordoloi addressing media people at rajib bhawan, Guwahati on 28-06-18.pix by ub photos

মিত্ৰ দল বিজেপিয়ে উত্থাপন কৰা নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি শংখনাদেৰে অসমৰ মানুহক বুৰ্বক বনাবলৈ চেষ্টা কৰাৰ সলনি চৰকাৰৰ পৰা পদত্যাগ কৰি সৎ সাহস দেখুৱাবলৈ অগপ নেতৃত্বক আজি ২৮ জুনত আহ্বান জনাইছে কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে।

‘অগপই এফালে বিজেপিৰ লগত মিলি ক্ষমতাৰ সোৱাদ ল’বলৈ সকলোবিলাক কাম কৰি আহিছে। আনফালে অসমৰ মানুহক তেওঁলোকে কৈ আছে তেওঁলোকে হেনো নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰে। বিজেপিয়ে অসমৰ মানুহক বুৰ্বক বনাবলৈ ভুৱা প্ৰতিশ্ৰুতি দিয়ে, ঠিক তেনেকৈ অগপয়ো অসমৰ মানুহক বুৰ্বক বনাবলৈ শংখনাদ কাৰ্যসূচী লৈছে,’ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য।

অগপৰ স্থিতিতকৈ ‘দুমুখীয়া আৰু ভণ্ডামিৰ উদাহৰণ আৰু থাকিবই নোৱাৰে’ বুলি সমালোচনা কৰি তেওঁ ‘যদি এয়া নীতিৰ যুদ্ধ হয়, তেতিয়াহ’লে সৎসাহস দেখুৱাই অগপ নেতৃত্বক চৰকাৰৰ পৰা পদত্যাগ কৰাৰ বাবে’ আহ্বান জনায়।

ডিব্ৰুগড়ত অগপই আয়োজন কৰা শংখনাদ কাৰ্য্যসূচীত কংগ্ৰেছ দলক দুমুখীয়া স্থিতি লোৱা বুলি কৰা সমালোচনাৰো বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেলত প্ৰত্যুত্তৰ দিয়ে প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতিজনে।

‘নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত ব্ৰহ্মপুত্ৰ-বৰাকেই নহয়, সমগ্ৰ ভাৰততে কংগ্ৰেছৰ এটাই স্থিতি’ বুলি মন্তব্য কৰি বৰদলৈয়ে কয় ‘অসম চুক্তি কংগ্ৰেছৰ বাবে ‘বাইবেল’ আৰু ‘দিগদৰ্শন’। অসম চুক্তিৰ উলংঘা কৰি অসমীয়াত্বক ধ্বংস কৰিব পৰা নাগৰিকত্ব বিধেয়ক কংগ্ৰেছে কেতিয়াও মানি নলয়।’

অগপৰ মন্ত্ৰী আৰু নেতাকেইজনমানে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক দিল্লীত সাক্ষাৎ কৰি ‘বাধ্য ছাত্ৰৰ দৰে মূৰ জোকাৰি জোকাৰি অনুস্ফূত স্বৰত কিবা কিবি ক’লে, কি ক’লে কোনেও শুনা নাপালে’ বুলিও অগপ নেতৃত্বক তীৰ্য্যক সমালোচনা কৰে বৰদলৈয়ে। ‘তেওঁলোকে অসমৰ মানুহক দেখুৱাই শেনটো হৈ দিল্লীলৈ গৈ ফেঁচাটো হৈ ঘুৰি আহিল,’ ক’লে প্ৰদ্যুৎ বৰদলৈয়ে।