নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মোদীৰ প্ৰতিকৃতি দাহ কৰিলে কৃষক মুক্তিৰ গুৱাহাটী জিলা সমিতিয়ে

KMSS

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মোদীৰ প্ৰতিকৃতি দাহ কৃষক মুক্তি।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠি থকাৰ মাজতে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটী জিলা সমিতিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু বিধেয়কখন বাতিলৰ দাবী তোলে। প্ৰতিবাদকাৰীসকলে গুৱাহাটীৰ গোস্বামী ছাৰ্ভিচৰ ৰাজপথত এই জুমুঠি দাহ কাৰ্য্যসূচী ৰূপায়ণ কৰে।

কৃষক মুক্তিৰ এই কাৰ্য্যসূচীৰ ফলত কিছু সময়ৰ বাবে অঞ্চলটোত যান-জঁটৰ সমস্যাৰ সৃষ্টি হয় যদিও আৰক্ষী উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

আজিৰ জুমুঠি দাহ কাৰ্য্যসূচীটোত অংশগ্ৰহণ কৰি গুৱাহাটী জিলা সমিতিৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ দলেই সংবাদ মাধ্যমত কয় যে ২০১৪ চনত লোকসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ১৬ মে’ৰ পিছত সকলো বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি কোৱা মোদীয়ে এতিয়া হিন্দু বিদেশীক ৰঙা দলিচা পাৰি অসমত সংস্থাপন কৰাৰ চেষ্টা কৰি আছে।

ইয়াৰোপৰি তেওঁলোকে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা এজনো বিদেশীক ভাৰত তথা অসমত নাগৰিকত্ব প্ৰদান কৰিব নোৱাৰিব বুলিও দাবী জনায়।

আনহাতে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত নীৰৱ ভূমিকা অৱলম্বন কৰাৰ বাবে দলেই ক্ষোভ প্ৰকাশ কৰি কয়, “মুখ্য মন্ত্ৰীৰ ওপৰত অসমবাসীৰ আস্থা হেৰাই গ’ল, তেওঁ বিদেশীৰ বিৰুদ্ধে মাত মাতিয়েই জাতীয় নায়ক হৈছিল। কিন্তু তেওঁ এতিয়া ওলোটা খৰ মাৰি জাতীয় খলনায়কলৈ পৰিৱৰ্তিত হৈছে।” এই জুমুঠি দাহ কাৰ্য্যসূচীত কৃষক মুক্তিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি দেৱেন শৰ্মা, সাধাৰণ সম্পাদক পৃথ্বীৰাজ দলে আৰু ইব্ৰাহিম আলীকে ধৰি জিলা কমিটিৰ সকলো বিষয়ববীয়া উপস্থিত আছিল।