নাগৰিকত্ব সংশোধনী বিধেয়ক : যুটীয়া সংসদীয় কমিটীৰ প্ৰতিবেদন দাখিলৰ সময়সীমা বৃদ্ধি

citizenship amendment bill

প্ৰতিনিধিত্বমূলক ছবি

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিভিন্ন দিশ চালিজাৰি চোৱা আৰু দেশৰ জনসাধাৰণৰ এই বিষয়ক মত লোৱাৰ বাবে গঠন কৰি দিয়া যুটীয়া সংসদীয় কমিটীখনে সংসদৰ চলিত অধিৱেশনত ইয়াৰ প্ৰতিবেদন দিয়াৰ কথা আছিল যদিও সেয়া কৰাত ব্যৰ্থ হয়। ফলত অহা শীতকালীন অধিৱেশনৰ শেষ সপ্তাহৰ প্ৰথম দিনটোতহে এই প্ৰতিবেদন দাখিল কৰিব।

উল্লেখযোগ্য যে ৩১ জুলাইত লোকসভাত যুটীয়া সংসদীয় কমিটীৰ অধ্যক্ষ আগৰৱালাই কমিটীৰ ম্যাদ বৃদ্ধি কৰিবৰ বাবে আৱেদন জনাইছিল। অধ্যক্ষ আগৰৱালাৰ এই আৱেদনখনত সন্মতি জনাইছে লোকসভাৰ অধ্যক্ষা সুমিত্ৰা মহাজনে।

যুটীয়া কমিটীৰ অধ্যক্ষ আগৰৱালাই জনোৱা মতে, বিধেয়কখন সন্দৰ্ভত এতিয়াও বহুখিনি কথা আলোচনা কৰিব লগীয়া আছে। লগতে বহুকেইখন ৰাজ্যৰ দল-সংগঠনৰো মতামত গ্ৰহণ কৰিবলৈ বাকী আছে। আনহাতে তেওঁ এই কথাও জানিবলৈ দিয়ে যে চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰাৰ পূৰ্বে আইনী আৰু সাংবিধানিক বিশেষজ্ঞৰ পৰাও পৰামৰ্শ লোৱা হ’ব।

তাৎপৰ্য্যপূৰ্ণভাৱে আগৰৱালাই অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম শেষ হোৱালৈ অপেক্ষা কৰি থকাৰ কথাও ব্যক্ত কৰিছে।