NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত দুলীয়াজানত ৯ টা সংগঠনৰ প্ৰতিবাদ

May 7, 2018 10:06 pm · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত গুৱাহাটীত শুনানি চলি থকা সময়তে তৈল নগৰী দুলীয়াজানত ৯ টাকৈ সংগঠনে বিধেয়কখনৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বৃহত্তৰ অসমীয়া মহিলা মঞ্চ, টাই আহোম যুৱ পৰিষদ, মটক যুৱ ছাত্ৰ সন্মিলন, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, চাহ জনজাতি ছাত্ৰ সন্থা, চুতীয়া যুৱ ছাত্ৰ সন্মিলন আৰু মটক মহিলা মঞ্চৰ দুলীয়াজান আঞ্চলিক সমিতিৰ সদস্য-সদস্যা সকলে প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদকাৰী সকলে আজি দুলীয়াজানৰ অইল মাৰ্কেটৰ সন্মুখত সমৱেত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বিৰোধিতাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে ।

ইয়াৰ পিছতে প্ৰতিবাদকাৰী সকলে উক্ত স্থানতে টায়াৰ জ্বলাই হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

Related News