নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দুলীয়াজানত ১৫ টা সংগঠনৰ অনশন

ধাৰাসাৰ বৰষুণকো নেওচি আজি দুলীয়াজানত নাগৰিকত্বত সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ১৫ টাকৈ সংগঠনে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠন সমূহৰ সদস্য-সদস্যা সকলে দুলীয়াজানৰ পুৰণি বাছ আস্থানত তিনি ঘণ্টা ধৰি অনশন কাৰ্যসূচী গ্ৰহণ কৰি নগাৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী জনায়।

লগতে এই বিধেয়কৰ বাবে বৰাক ভেলীত দুদিন শুনানি গ্ৰহণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠন সমূহে। তাৰোপৰি উজনি অসম, নামনি অসম আৰু মধ্য অসমত বিস্তৃভাৱে এই শুনানি গ্ৰহণৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে।

আনহাতে প্ৰতিবাদকাৰী সকলে নাগৰিকত্বত সংশোধনী বিধেয়ক সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে কৰা মন্তব্যৰো তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰী সকলে মন্ত্ৰী গোহাঁইক প্ৰত্যাহ্বান জনাই।

প্ৰতিবাদকাৰী সকলে নিজৰ ক্ষোভ প্ৰকাশ কৰি অনাগত দিনত এই গৰাকী মন্ত্ৰী দুলীয়াজানলৈ আহিলে সংগঠন সমূহে তীব্ৰ বাধা প্ৰদান কৰিব বুলিও প্ৰকাশ কৰে।

প্ৰতিবাদস্থলীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বৃহত্তৰ অসমীয়া মহিলা মঞ্চ, টাই আহোম যুৱ পৰিষদ, মটক যুৱ ছাত্ৰ সন্মিলন, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, চাহ জনজাতি ছাত্ৰ সন্থা, চুতীয়া যুৱ ছাত্ৰ সন্মিলন, মটক মহিলা মঞ্চ আদি সংগঠনৰ সদস্য-সদস্যাই অংশ গ্ৰহণ কৰে ।