নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তাই আহোম যুৱ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত মুখ্য মন্ত্ৰীৰ প্ৰতীকী শৱ দাহ
নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে শুকুৰবাৰে তাই আহোম যুৱ পৰিষদ, অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সহযোগত সোণাৰিত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।
এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতীকী শৱ সোণাৰি মহাবিদ্যালয়ৰ সমীপৰ পৰা লৈ যাত্ৰা কৰি নগৰখনৰ শিৱ মন্দিৰ তিনিআলিত দাহ কৰে।
তাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগৰ এই প্ৰতিবাদী কাৰ্যসূচীত আছু, এ জে ৱাই চি পি, কৃষক মুক্তি সংগ্ৰাম সমিতি, আটাছুৰ লগতে কেইবাটাও দল সংগঠনে অংশগ্ৰহণ কৰে। প্ৰতিবাদীকাৰী সকলে মুখ্য মন্ত্ৰী সোণোৱালৰ প্ৰতীকী শৱ দাহ কৰাৰ লগতে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে সমগ্ৰ সোণাৰিৰ সমগ্ৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।