NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে শান্তি আলোচনা প্ৰক্ৰিয়া বন্ধ হ’ব : অৰবিন্দ ৰাজখোৱা

May 14, 2018 10:47 pm ·

অৱশেষত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই। যদিহে এই বিধেয়ক সংসদত গৃহীত হয় তেন্তে চলি থকা শান্তি আলোচনা প্ৰক্ৰিয়া বন্ধ হ’ব পাৰে বুলি তেওঁ কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে।

ৰাজ্যৰ জনসাধাৰণক বিপদত পেলোৱা এই বিধেয়কক গৃহীত কৰিবলৈ কেন্দ্ৰই যদি আঁকোৰগোঁজ স্থিতি লয় তেন্তে শান্তি আলোচনা আগবঢ়াই নিয়াৰ কোনো যুক্তি নাই বুলি মন্তব্য কৰি তেওঁ কয়, ‘আমি আৰু বিদেশীৰ বোজা ল’ব নোৱাৰো। শান্তি আলোচনাৰ মূল উদ্দেশ্যই আছিল অসমৰ জনসাধাৰণৰ সাংবিধানিক ৰক্ষাকবচ সুনিশ্চিত কৰা। কেন্দ্ৰই যদি বিধেয়কখনক গৃহীত কৰাৰ বাবে ইমান উত্ৰাৱল তেন্তে শান্তি আলোচনা আগবঢ়াই নিয়াৰ কি যুক্তি আছে?’

বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে আজি ডিব্ৰুগড় থানা চাৰিআলিত অনুষ্ঠিত এক প্ৰতিবাদ আৰু স্বাক্ষৰ সংগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে।

এই বিধেয়কখনক অসমৰ খিলঞ্জীয়া মানুহৰ ভাষা, সংস্কৃতি আৰু পৰিচয়ৰ প্ৰতি ভাবুকিস্বৰূপ বুলি উল্লেখ কৰি তেওঁ ইয়াক অনতিপলমে বাতিল কৰিবলৈ কেন্দ্ৰক দাবী জনায়।

ইয়াৰ উপৰি সমূহ ৰাজ্যবাসীক বিধেয়কখনৰ বিৰুদ্ধে উলাই আহিবলৈ আহ্বান জনাই তেওঁ কয়, ‘মই ৰাজ্যৰ প্ৰত্যেক গৰাকী নাগৰিককে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছো’।

Related News