নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে বৰমাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ছাত্ৰ সন্থাৰ

barama aasu protest

বহু বিতৰ্কিত তথা অসমীয়া জাতিৰ বাবে যমদূতস্বৰূপ নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ দাবীত অসমৰ চুকে কোনে এতিয়াও অব্যাহত আছে প্ৰতিবাদ, জোঁৰ সমদল, ধৰ্ণা, অৱস্থান ধৰ্মঘট আদি। সমান্তৰালভাৱে এই বিতৰ্কিত বিধেকখনক লৈ আজি উত্তপ্ত হৈ পৰে বাক্সা জিলাৰ বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ।

বিধেয়কখনৰ বিৰোধিতাৰে আজি বৰমা আঞ্চলিক ছাত্ৰ সন্থা, বৰমা ব্যৱসায় সন্থা, জ্যেষ্ঠ নাগৰিক, কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনৰ শ শ নেত্ৰীবৃন্দ তথা সমৰ্থকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধি বিভিন্ন শ্লোগান দিয়াৰ লগতে উক্ত জাতিধ্বংসী বিধেয়কখন শীঘ্ৰে বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক দাবী জনায়।

একাংশ প্ৰতিবাদকাৰীয়ে বিধেয়কখনৰ প্ৰসংগত কয়, ‘কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশী লোকসকলক ভাৰতবৰ্ষৰ নাগৰিকত্ব প্ৰদান কৰি অসমত স্থায়ীভাৱে সংস্থাপন কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে সেয়া অসমৰ বাবে অতিকৈ বিপদজনক।‘

ইয়াৰ উপৰি নাগৰিকত্ব সংশোধনী বিধেয়কখন যদি চৰকাৰে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী পৰ্যায়ত অধিক ভয়াবহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৃন্দই।