নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত বৰাক উপত্যকাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ওলোটা ছবি দেখি থকাৰ বিপৰীতে আজি বিধেয়কখনৰ বাতিলৰ দাবীৰে জোঁৰ সমদল বাহিৰ কৰা দেখা গ’ল অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদক। কৰিমগঞ্জৰ সংবাদদাতাই জনোৱামতে, ১৫ মে’ত কৰিমগঞ্জৰ বদৰপুৰত অসম যুৱ পৰিষদৰ নেতৃত্বত এক বৃহৎ জোঁৰ সমদল উলিওৱা হয়।
যুৱ পৰিষদৰ প্ৰায় ৭০০ কৰ্মী-সমৰ্থকৰ লগতে আন বহুতো লোকে এই সমদলত অংশগ্ৰহণ কৰে। সমদলকাৰীসকলে অসম চুক্তিৰ ভিত্তিত ১৯৭১ৰ ২৪ মাৰ্চৰ পাছৰ সকলো বিদেশীক বহিষ্কাৰৰ দাবী তোলে।
আনহাতে অসম যুৱ পৰিষদৰ বৰাকৰ নেতৃবৰ্গই জনোৱামতে, বিধেয়কখন বাতিলৰ দাবীত তেওঁলোকে কৰিমগঞ্জত ঘৰে ঘৰে চলাব স্বাক্ষৰ অভিযান। এই কথা যুৱ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক চৈয়দ হাফিজুৰ ৰহমানে জানিবলৈ দিয়ে। আনহাতে বিধেয়ক বাতিলৰ দাবীত অঞ্চলটোৰ বিভিন্ন দল-সংগঠনক একত্ৰিত কৰিব সংগঠনটোৱে। বিধেয়কখন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰো সংকল্প লয় আজিৰ প্ৰতিবাদকাৰীসকলে। “আমাৰ দলৰ যি স্থিতি তাত বৰাক বা ব্ৰহ্মপুত্ৰ উপত্যকাত কোনো বিভাজন নাই। অগপই চৰকাৰৰ লগত থাকিও বিধেয়কৰ বিৰুদ্ধে উচিত স্থিতি লৈছে।” এইদৰে কয় সাংগঠনিক সম্পাদক ৰহমানে।